গুৱাহাটী মহানগৰীত শনিবাৰে ৰাজগড়ৰ এটা অট্টালিকাৰ পৰা এজন এজন যুৱক পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
যুৱকজনক অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে যদিও কিছু সময়ৰ পাছতে যুৱকজনে অকাল মৃত্যুক আঁকোৱালি লয়।
নিহত যুৱকজনৰ নাম ৰূপজ্যোতি কুমাৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ৰাজগড়ৰ সংকল্প আই কেয়াৰ নামৰ অট্টালিকাটোৰ পৰা পৰিছিল যুৱকজন।
Discussion about this post