আজি পুৱা দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তিনিআলিৰ পৰা বৰিহাটলৈ খেলত অংশ লোৱাৰ উদ্দেশ্যে গৈছিল দুই কিশোৰ। AS 25T 6893 নম্বৰৰ পালচাৰ মটৰ চাইকেলখনেৰে গৈ থকা অৱস্থাতে দুৰ্ঘটনাত কৰুণ মৃত্যু হয় দুয়োজন কিশোৰৰ।
তীব্ৰবেগেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা বৈদ্যুতিক খুটাত খুন্দা মাৰে বাইকখনে। ফলত থিতাতে মৃত্যু হয় এই দুই কিশোৰৰ। মৃত্যু হোৱা কিশোৰ দুজন বটিয়াপাৰাৰ অম্লান জ্যোতি দাস আৰু মনিয়াৰীৰ চন্দন আলী বুলি জানিব পৰা গৈছে।
Discussion about this post