শিলচৰত দুৰ্ঘটনাত পতিত হয় সাংসদ গৌৰৱ গগৈৰ কনভয়। তীব্ৰগতিত থকা কনভয়ে এখনৰ পিছত সিখন বাহনত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ কৱলত পৰে প্ৰাক্তন মন্ত্ৰী অজিত সিঙৰ বাহনসহ প্ৰায় ১০খন বাহন। ঘটনাত আহত হৈছে মহিলাসহ ৭ জনৰো অধিক কংগ্ৰেছ কৰ্মী ।
উল্লেখ্য যে, শিলচৰ কুম্ভিৰগ্ৰাম বিমানবন্দৰৰ পৰা সাংসদ গৌৰৱ গগৈক প্ৰায় শতাধিক বাহনে সমদল কৰি কংগ্ৰেছ ভৱনত লৈ অহাৰ সময়ত শিলচৰ বিমানবন্দৰ পথৰ ময়নাৰবন্দ দলঙত সংঘটিত হয় এই দুৰ্ঘটনা। সমদলত থকা বিলাসী বাহনসমূহ তীব্ৰগতিত গৈ থকা সময়ত হঠাৎ এখন বাহনে সম্মুখত থকা আনখন বাহনত খুন্দা মাৰে আৰু ইয়াৰ পাছতে ইখনৰ পাছত সিখন বাহনে খুন্দা মাৰে সম্মুখৰ বাহনত।
ঘটনাত প্ৰায় ১০খন বিলাসী বাহনৰ ব্যাপক ক্ষতিসাধন হয়। মহিলাসহ প্ৰায় ৭ জনৰো অধিক কংগ্ৰেছ কৰ্মী আঘাতপ্ৰাপ্ত হোৱা দুৰ্ঘটনাটোত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনসমূহ উদ্ধাৰ কৰে। অৱশ্যে সাংসদ গৌৰৱ গগৈৰ বাহনৰ কোনো ক্ষতিসাধন হোৱা নাই বুলি জানিব পৰা গৈছে।
Discussion about this post