বাংলাদেশৰ ৰাজধানী ঢাকাৰ এটা কাৰখানাত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত ৫২জন লোক নিহত হোৱাৰ লগতে ৫০ জনৰো অধিক লোক অগ্নিদগ্ধ হয়।
শুকুৰবাৰে এই ঘটনাটোৰ বিষয়ে জানিবলৈ পোৱা যায়। অগ্নিনিৰ্বাপক বিষয়াসকলে জনোৱা অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত নাৰায়ণগঞ্জৰ ৰূপগঞ্জৰ ছেজান জুইছ কাৰখানাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
আশংকা প্ৰকাশ কৰা হৈছে যে, ভৱনটোৰ তলৰ মহলাৰ পৰা জুই লাগিছিল আৰু ৰাসায়নিক পদাৰ্থ-প্লাষ্টিকৰ বটলৰ বাবে জুই দ্ৰুতগতিত বিয়পি পৰিছিল।
ঢাকা ট্ৰিবিউনৰ খবৰ অনুসৰি, দুৰ্ঘটনাটোত ৫২ জন লোক নিহত হয় আৰু ৫০ জনৰো অধিক লোক অগ্নিদগ্ধ হয়। ভয়ংকৰ জুইৰ পৰা ৰক্ষা পাবলৈ কেইবাজনো শ্ৰমিকে ভৱনটোৰ পৰা জঁপিয়াইছিল।
বাতৰি অনুসৰি, হাচেম ফুডছ লিমিটেডৰ কাৰখানা ভৱনত জুই নুমুৱাবলৈ ১৮খন অগ্নিনিৰ্বাপক গাড়ী উপস্থিত হৈছে।
এতিয়াও সন্ধানহীন হৈ থকা লোকসকলক পৰিয়ালৰ লোকে সন্ধান উলিয়াবলৈ ভৱনটোৰ সন্মুখত একত্ৰিত হৈছে। সন্ধানহীন লোকসকলৰ ৪৪ জন শ্ৰমিকৰ পৰিচয় নিশ্চিত কৰা হৈছে।
উদ্ধাৰ কৰা শ্ৰমিক আৰু তেওঁলোকৰ আত্মীয়সকলে অভিযোগ উত্থাপন কৰে যে, জুই লগাৰ সময়ত কাৰখানাটোৰ একমাত্ৰ প্ৰস্থান দ্বাৰটো বন্ধ আছিল। তেওঁলোকে দাবী কৰে যে ভৱনটোত জুইৰ পৰা সুৰক্ষিত কৰাৰ বাবে কোনো উপযুক্ত ব্যৱস্থা নাছিল।
ইফালে, নাৰায়ণগঞ্জ জিলা অগ্নিনিৰ্বাপক সেৱাৰ উপ-সঞ্চালক আব্দুল্লাহ আল আৰেফিনে কয় যে, জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ কিছু সময় লাগিব। তেওঁ কয়, “জুই নিয়ন্ত্ৰণলৈ অনা নহ’লে দুৰ্ঘটনাটোত কিমান ক্ষতি হৈছে আৰু জুইৰ কাৰণ কি সেয়া কোৱা সম্ভৱ নহয়।”জিলা প্ৰশাসনে ঘটনাটোৰ তদন্তৰ বাবে পাঁচ জনীয়া তদন্ত সমিতি গঠন কৰিছে।
Photo: Google
Discussion about this post