সোমবাৰে নিশা ৰাজস্থানৰ (Rajasthan) বাৰমেৰ জিলাত (Barmer District) সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত (Horrific Road Accident) দুটি কণমানি শিশুসহ ৮ গৰাকী লোকে প্ৰাণ হেৰুৱায় (Eight Members Of A Family Killed)। শোকাৱহ ঘটনাটো বাৰমেৰ জিলাৰ গুৰামালানী (Guda Malani) থানাৰ বাটা ফাণ্টেৰ ওচৰত সংঘটিত হৈছিল। এই আটাইকেইজন লোক এটা পৰিয়ালৰে সদস্য বুলি কোৱা হৈছে, যিসকলে বিয়াত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল (Attend A Wedding Function)।
এই আটাইকেইগৰাকী লোক SUV গাড়ীত বহি বাৰমেৰ জিলাৰ কান্ধিৰ ঢানী গুৰামালানীলৈ গৈ আছিল। সেই সময়ছোৱাত ৰামজীৰ গোলৰ পৰা গুৰামালানী হাইৱে’ত বাটা ফাণ্টেৰ ওচৰত গাড়ীখন আৰু ট্ৰাকৰ মাজত প্ৰচণ্ড সংঘৰ্ষ (SUV-Truck Collision) হয়। দুৰ্ঘটনাটোত বলেৰ’ গাড়ীখন বেয়াকৈ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। গাড়ীখনত থকা আটাইকেইজন লোক আবদ্ধ হৈ পৰিল। প্ৰায় আধা ঘণ্টাৰ কঠোৰ পৰিশ্ৰমৰ পিছত লোকসকলক উলিয়াই অনা হৈছিল।
Barmer | Two vehicles collided in Rajasthan, leading to eight deaths. The incident took place last night: Barmer SP Deepak Bhargava pic.twitter.com/VxQSSPeLoY
— ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) June 7, 2022
ঘটনাটো বিবাহস্থলীৰ ৮ কিলোমিটাৰ আগতে সংঘটিত হৈছিল। বিবাহত অংশগ্ৰহণ কৰিবলৈ অহা অন্য বাহনৰ পৰা বিবাহযাত্ৰী নামে আৰু গাড়ীত আৱদ্ধ হৈ থকা লোকসকলক উলিয়াবলৈ চেষ্টা কৰিছিল। কিন্তু, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে আৱদ্ধ লোকসকলক অতি কষ্টেৰে বাহিৰলৈ উলিয়াই অনা হৈছিল। বিবাহৰ আনন্দ শোকত পৰিণত হৈছিল। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে বাৰমেৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে মৃতদেহবোৰ গুৰামালানীৰ চিকিৎসালয়ৰ শৱগৃহলৈ প্ৰেৰণ কৰে।
এই দুৰ্ঘটনাটোত পুনমাৰাম (৪৫) পুত্ৰ ধীমাৰাম, প্ৰকাশ (২৮) পুত্ৰ পেমাৰাম, মনীষ (১২) পুত্ৰ পুনমাৰাম, প্ৰিঞ্চ (৫) পুত্ৰ মংগিলাল, ভাগীৰথৰাম (৩৮) পুত্ৰ পকৰাৰাম আৰু পুনমাৰাম (৪৮) পুত্ৰ ভগৱানাৰাম নিবাসী খাৰা জালোৰসহ ৬জন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়, আনহাতে মংগিলাল (৩৫) পুত্ৰ নেনাৰাম আৰু বুদ্ধৰাম (৪০) কানাৰাম চিকিৎসাৰ সময়তে মৃত্যুক সাৱটে। ইফালে প্ৰকাশৰ (২০) পুত্ৰ হৰজিৰাম বিষ্ণোই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত, যাৰ চাঞ্চৌৰৰ এখন চিকিৎসালয়ত চিকিৎসা চলি আছে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/boy-suicide-for-mobile-game-at-kalgachia-in-assam/9637/
Discussion about this post