সুৰাপায়ীৰ বাবে দুঃখবৰ! অসমত বৃদ্ধি হ’ব সুৰাৰ মূল্য (Liquor Price Hike)। ৬৫ শতাংশকৈ বৃদ্ধি পাব সকলো সুৰাৰ মূল্য। ১৫ জুনৰ পৰা বৃদ্ধি পাব সুৰাৰ মূল্য (IMFL Liquor Prices To Increase By 65% Of Mrp In Assam)। ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে অসম চৰকাৰে পুনৰ এবাৰ সুৰাৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি আবকাৰী বিভাগে (Excise Department) জাৰি কৰা এক নিৰ্দেশনা অনুসৰি ৬৫ শতাংশ বৃদ্ধি পাব সুৰাৰ মূল্য।
জানিব পৰা মতে, জেনেৰেল ব্ৰেণ্ড, ৩০১ টকা পৰ্যন্ত মূল্যৰ ৭৫০ মিলিলিটাৰৰ সুৰাৰ বটলৰ দাম প্ৰায় ৮০ টকা পৰ্যন্ত বৃদ্ধি পাব। আনহাতে ৰেগুলাৰ ব্ৰেণ্ড, ২৭১ টকা পৰ্যন্ত মূল্যৰ ৭৫০ মিলিলিটাৰৰ সুৰাৰ বটলৰ মূল্য ৯২ টকা আৰু ইলিগেণ্ট ব্ৰেণ্ড, ৪০১ টকা পৰ্যন্ত আৰু ৬০১ টকাৰ মূল্যৰ ৭৫০ মিলিলিটাৰৰ সুৰাৰ বটলৰ দাম সৰ্বাধিক ১৪২ টকা বৃদ্ধি পাব।
ইয়াৰ উপৰি ক্লাছিক প্ৰিমিয়াম ব্ৰেণ্ড অৰ্থাত ১০০১ টকা বা ইয়াৰ ওপৰৰ মূল্যৰ সুৰাৰ বটলৰ দাম ৩৫০ টকা পৰ্যন্ত বৃদ্ধি পাব। ৰাজ্যত আবকাৰী বিভাগে (Excise Department) প্ৰকাশ কৰিলে ৰাজপত্ৰিত জাননী।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/food/health-tips-jackfruit-for-good-health/9530/
Discussion about this post