গুৱাহাটীত (Guwahati) এক কৰুণ পথ দুৰ্ঘটনা (Tragic Road Accident) সংঘটিত হৈছে। মহানগৰীৰ বেহৰবাৰীত ১২ চকীয়া ট্ৰাকে মহটিয়ালে স্কুটী আৰোহীক (Scooty Collision Truck)। দুৰ্ঘটনাটোৰ ফলত থিতাতে কৰুণ মৃত্যুক (Youth Died) সাৱটিলে প্ৰাঞ্জল বৈশ্য নামৰ এগৰাকী যুৱকে।
 
 
মৃত প্ৰাঞ্জল বৈশ্যৰ ঘৰ নলবাৰীৰ (Nalbari) বেলশৰত। নিজৰ কৰ্তব্য শেষ কৰি প্ৰাঞ্জল বৈশ্যই ঘৰলৈ গৈ থকাৰ সময়তে লখৰাৰ দিশৰ পৰা আহি থকা এখন দ্ৰুতবেগী ট্ৰাকে প্ৰাঞ্জল বৈশ্যৰ স্কুটীখনত খুন্দা মাৰে। ট্ৰাকখনে প্ৰাঞ্জল বৈশ্যই চলাই অহা স্কুটীখনক খুন্দা মাৰি প্ৰায় ৫০ মিটাৰ চোচৰাই লৈ যায়।
এই দুৰ্ঘটনাটোৰ পিছতে গুৱাহাটী যান-বাহন আৰক্ষীয়ে এনএল-০১এএ-০১২৯ পঞ্জীয়ন নম্বৰৰ ট্ৰাকখন জব্দ কৰে। প্ৰাঞ্জল বৈশ্যৰ কৰুণ মৃত্যুত এতিয়া যুৱকজনৰ বেলশৰৰ বাসগৃহত কান্দোনৰ ৰোল উঠিছে।
Photo & Input: Ramesh Baishya
 
	    	

























 
		    

Discussion about this post