ৰাজ্যৰ এখন চৰকাৰী হাস্পতালত এক ভয়ংকৰ ঘটনা (Horrific Accident) সংঘটিত হৈছে। লখিমপুৰ মেডিকেল কলেজত (Lakhimpur Medical College) সংঘটিত হৈছে এই ঘটনাটো। জেনেৰেটৰত তেল নথকাৰ বাবেই কৰিব নোৱাৰিলে অস্ত্ৰোপচাৰ, গৰ্ভস্থ সন্তানসহ প্ৰসূতিৰ মৃত্যু (Pregnant Woman And Her Baby Died)।
কেৱল বিতর্কই আগুৰি ধৰিছে লখিমপুৰ মেডিকেল কলেজক (Lakhimpur Medical College)। দেৱাল ফটা, হাস্পতালৰ ভিতৰত পানী পৰা আদি ঘটনাই কলেজখনক জোঁকাৰি যোৱাৰ পিছত এইবাৰ বিজুলী ইন্ধন নোহোৱাৰ বাবে এগৰাকী প্ৰসূতিৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, গহপুৰৰ ৰঙামুৰি প্ৰাণ পাটগিৰী নামৰ লোক জনে তেওৰ পত্নী কন্যা পাটগিৰীক যোৱা ৩১ মে’ত প্ৰসৱকালীন কাৰণত ভৰ্তি কৰোৱাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত।
কিন্তু প্ৰথম দিনাৰ পৰাই চিকিৎসাৰ ক্ষেত্রত অৱহেলা কৰা হয় গৰ্ভৱতী মহিলাগৰাকীক। অৱশেষত ২ জুনত বৃহস্পতিবাৰে ছিজাৰিয়ান কৰিবৰ সময়ত বিজুলি নোহোৱা বাবে আৰু জেনেৰেটৰ চলাবলৈ তেল নোহোৱাৰ বাবেই অস্ত্ৰোপচাৰ কৰাত পলম হয়। ফলত গৰ্ভৰ সন্তানসহ মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কক্ষতে (Operation Theater) মৃত্যু হয়।
এই ভয়ংকৰ অভিযোগ তুলি প্ৰাণ পাটগিৰীয়ে ইতিমধ্যে উত্তৰ লখিমপুৰ সদৰ থানাত (North Lakhimpur Sadar Police Station) এখন এজাহাৰ দাখিল কৰিছে। আনহাতে ঘটনা সন্দৰ্ভত লখিমপুৰৰ উপায়ুক্তয়ো এক তদন্তৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। বিভিন্ন সংগঠনে এই ঘটনাৰ এক শক্তিশালী তদন্তৰ দাবী জনাইছে।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/bribe-case-at-nagaon-asi-officer-arrest-in-assam/9481/
Discussion about this post