লিচু (Lychee) গ্ৰীষ্মকালৰ আটাইতকৈ প্ৰিয় ফল। লিচু এবিধ ঋতুকালীন ফল। সেয়ে বছৰৰ এক নিৰ্দিষ্ট সময়ত, তাকো অতি কম দিনৰ বাবেহে ইয়াক পোৱা যায়। কেৱল সোৱাদতে নহয় লিচুত (Lychee) আপুনি স্বাস্থ্যৰ এক সম্পদো লাভ কৰে। গ্ৰীষ্মকালত অহা বেছিভাগ ফলতে ভাল পৰিমাণৰ পানী থাকে। একেদৰে লিচুটো পানীৰ যথেষ্ট পৰিমান থাকে। ইয়াত ভিটামিন চি, ভিটামিন বি৬, নিয়াচিন, ৰাইবোফ্লেভিন, ফোলেট, তাম, পটাছিয়াম, ফছফৰাছ, মেগনেছিয়াম আৰু মেংগানিজৰ দৰে খনিজ পোৱা যায়, ই শৰীৰ আৰু পেটক শীতল কৰি ৰাখে। পাচন ক্ৰিয়া সঠিক কৰি ৰখাৰ লগতে মগজুৰ বিকাশৰ ক্ষেত্ৰটো ইয়াৰ এক ডাঙৰ ভূমিকা আছে। ভিটামিন চি লিচুত প্ৰচুৰ পৰিমাণে পোৱা যায়। প্ৰতি ১০০ গ্ৰাম লিচুত ভিটামিন চি-ৰ পৰিমাণ পোৱা যায় ৭১.৫ মিলিগ্ৰাম, যি হৈছে দৈনিক প্ৰয়োজনীয়তাৰ ১১৯ শতাংশ।
গতিকে লিচুৰ (Lychee Benefits) লাভালাভৰ বিষয়ে বিতংভাৱে জানো আহক…
১. লিচুত থকা ভিটামিন লোহিত ৰক্ত কণিকা গঠন আৰু পাচন প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয়। লিচুৰ ৰসত পেকটিন আৰু ফাইবাৰ থাকে। ই আপোনাৰ অন্ত্ৰ পৰিষ্কাৰ কৰে আৰু পাকস্থলীৰ স্বাস্থ্য উন্নত কৰে। ইয়াৰ উপৰিও, ই এচিডিটি আৰু বুকুজ্বলাৰ বিৰুদ্ধেও কাম কৰে।
২. যদি আপোনাৰ ডিঙিৰ বিষ বা খচখচনি হয় তেন্তে আপুনি এটা লিচু খাব পাৰে। দৰাচলতে, ডিঙিৰ বিষ হ্ৰাস কৰাতো লিচু যথেষ্ট উপকাৰী।
৩. লিচু ৰসত যথেষ্ট পৰিমাণৰ জৈৱ-ৰাসায়নিক পদাৰ্থ থাকে যেনে পলিফেনল, অলিগোনোলছ, বিটা-কেৰোটিন, ভিটামিন চি আৰু অন্যান্য এণ্টিঅক্সিডেণ্ট। এই সকলোবোৰ এণ্টি-অক্সিডেণ্ট চকুৰ তলি ক’লা পৰা (Dark Cicles) আৰু শালমইনা আঁতৰ কৰাত সহায়ক। কেৱল সেয়াই নহয়, ই আপোনাৰ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰাত সহায় কৰে। আপুনি আপোনাৰ ছালত লিচু আৰু কলৰ মাস্ক প্ৰস্তুত কৰি, এই পেষ্টটো মুখত লগাওক, ই শালমইনা আৰোগ্য কৰাত সহায়ক হয়।
৪. লিচুক কেৱল ফল হিচাপে খোৱা নহয়, ইয়াৰ ৰস আৰু শ্বেকো বহুতে পচন্দ কৰে খাবলৈ। জাম, জেলী, মাৰ্মলেড, চালাড আৰু ব্যঞ্জন সজাবলৈও লিচু ব্যৱহাৰ কৰা হয়। সৰু লিচুত কাৰ্বোহাইড্ৰেট, ভিটামিন চি, ভিটামিন এ আৰু বি কমপ্লেক্স, পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, আইৰনৰ দৰে খনিজ লৱণ পোৱা যায়, যি ইয়াক অতি উপকাৰী কৰি তোলে।
৫. লিচুত অলিগোনল নামৰ এক উপাদান থাকে যিয়ে শৰীৰত ভাইৰাছ বৃদ্ধি হ’বলৈ নিদিয়ে। শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী সুস্থ কৰি ৰখাত সহায় কৰে।
৬. যদি আপুনি বৰ্ধিত ওজনৰ বাবে অশান্তিত ভুগি আছে, তেন্তে আপুনি লিচুৰ ৰস খোৱা আৰম্ভ কৰিব লাগে। কাৰণ লিচু ফাইবাৰ আৰু পানীৰে ভৰপূৰ। ইয়াত কোনো চৰ্বি নাথাকে আৰু কেলৰিও কম পৰিমানৰ থাকে। লিচুৰ ৰস বা লিচু খোৱাটোৱে আপোনাৰ খাদ্যৰ প্ৰতি থকা হেঁপাহ হ্ৰাস কৰে আৰু আপোনাক পেট ভৰ্তি অনুভৱ কৰায়। যদি আপুনি ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰে বা ইচ্ছা কৰি আছে, তেন্তে আপুনি নিয়মীয়াকৈ লিচুৰ ৰস খোৱা উচিত।
৭. সাধাৰণ ডায়েৰিয়া, বমি, পেটৰ বিকাৰ, পাকস্থলীৰ আলচাৰ আৰু আভ্যন্তৰীণ প্ৰদাহৰ পৰা আৰোগ্য হোৱাত লিচু খোৱা উপকাৰী। ই পাকস্থলীত কোষ্ঠকাঠিন্য বা ক্ষতিকাৰক বিষাক্ত পদাৰ্থৰ প্ৰভাৱ হ্ৰাস কৰে। ই লিভাৰত পাথৰৰ ফলত হোৱা পেটৰ বিষৰ পৰা সকাহ দিয়ে।
৮. লিচু হৈছে শক্তিৰ উৎস। যিসকলে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে তেওঁলোকৰ বাবে লিচু অতি উপকাৰী। ইয়াত থকা নিয়াচিনে আমাৰ শৰীৰত শক্তিৰ বাবে প্ৰয়োজনীয় ষ্টেৰইড হৰমন আৰু হিমোগ্লোবিন প্ৰস্তুত কৰে।
৯. লিচুত কেলচিয়াম, ফছফৰাছ আৰু মেগনেছিয়াম থাকে, যি শাৰীৰিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু হাড়ৰ বাবে অতি ভাল। লিচু হাড়ৰ ৰোগ অষ্টিওপোৰোচিছ প্ৰতিৰোধ কৰাত সহায়ক হয়।
১০. লিচুৰ ৰস এক পুষ্টিকৰ তৰল। ই গ্ৰীষ্মকালৰ সৈতে সম্পৰ্কিত সমস্যাবোৰ আঁতৰ কৰে আৰু শৰীৰক শীতল কৰি ৰাখে। লিচুৱে আমাৰ শৰীৰক এক সন্তুলিত অনুপাতত পানী যোগান ধৰে।
১১. যদি আপুনি নিয়মীয়াকৈ লিচুৰ ৰস সেৱন কৰে, তেন্তে এই প্ৰজজন স্বাস্থ্যৰ প্ৰচাৰত সহায়ক। ইয়াৰ উপৰিও, ইয়াত বিভিন্ন ফাইটো-ৰাসায়নিক পদাৰ্থ আছে যেনে- ফ্লেবোনইড, পলিফেনল, ভিটামিন চি আৰু প্ৰ’এণ্টোচাইনাইড। এই সকলোবোৰ মুক্ত ৰেডিকেলৰ সৈতে যুঁজ দিয়াত সহায়ক আৰু কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰাত সহায়ক।
১২. লিচু ভিটামিন চি বহুত ভাল উৎস হোৱাৰ বাবে কাহ-চৰ্দি, জ্বৰ আৰু ডিঙিৰ সংক্ৰমণ বিয়পোৱাত বাধা প্ৰদান কৰে।
১৩. লিচুত তাম থাকে, যাৰ ফলত ই আপোনাৰ চুলি গজাত সহায় কৰে। আপুনি লিচুৰ ৰস খোৱাৰ উপৰিও, আপোনাৰ চুলিত লিচুৰ ৰস প্ৰয়োগো কৰিব পাৰে। ইয়াৰ বাবে আপুনি ২ সৰু চামুচ লিচু আৰু এলো ভেৰা ৰস লওক। এতিয়া আপুনি ইয়াক ভালদৰে মিহলি কৰক আৰু ইয়াক আপোনাৰ চুলিত সমানভাৱে মালিচ কৰক। ইয়াক প্ৰায় ১৫ মিনিটৰ বাবে এৰি দিয়ক আৰু তাৰ পিছত ধুই দিয়ক।
১৪.লিচুত যথেষ্ট পটাছিয়াম আৰু ছডিয়াম থাকে। এইকাৰণেই লিচু খালে শিৰাবোৰত তেজৰ সঞ্চালন সঠিক হয় আৰু ইয়াৰ ফলত ৰক্তচাপো নিয়ন্ত্ৰণ হৈ থাকে।
১৫. লিচুত ফাইটোকেমিকেল থাকে যি এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে। এই ফাইটোকেমিকেলবোৰে চকুৰ ছানি প্ৰতিহত কৰাত সহায় কৰে।
১৬. ছালৰ দাগ আঁতৰ কৰাত লিচুৰ ৰস অতি কাৰ্যকৰী! মুখত পাঁচ/ছয়টা লিচু বাকলি গুচাই মুখত লগাই পোন্ধৰ মিনিটৰ বাবে থৈ ধুই দিয়ক। সপ্তাহত কমেও দুই দিন এনে কৰিলে মুখৰ ছালৰ দাগ বোৰ সহজে আঁতৰ হ’ব।
১৭. ছানবাৰ্ণ ছালৰ টেন আঁতৰ কৰাত লিচু ৰস অতি কাৰ্যকৰী! ভিটামিন ই কেপচুলৰ সৈতে চাৰি পাঁচটা লিচু পিহি মিহলি কৰক আৰু সেইবোৰ মুখ আৰু ছালত ভালদৰে লগাওক। ৩০ মিনিটৰ বাবে এৰি দিয়ক আৰু ঠাণ্ডা পানীৰে ভালদৰে ধুই দিয়ক। যদি আপুনি সপ্তাহত ২-৩ দিন এনে কৰে ছালৰ পার্থক্য দেখিব।
১৮. ছালৰ কোঁচ আঁতৰাবলৈ আপোনাৰ মুখত লিচুৰ ৰস মিহলি কৰক আৰু ইয়াক দহ মিনিটৰ বাবে এৰি দিয়ক আৰু ধুই দিয়ক ।
১৯. প্ৰতি দিনে লিচু খালে আপোনাৰ মেটাবলিজিম মজবুত কৰে। আপুনি খোৱা খাদ্যসমূহ Energy লৈ ৰূপান্তৰ কৰাত সহায় কৰে। লিচু খালে কাৰ্বহাইড্ৰেট আৰু প্ৰটিনৰ Absorption বেছি খৰতকীয়া কৰে বুলি ধৰা হয়।
২০. যিসকল লোক নিজৰ ছালৰ যত্ন লয় তেওঁলোকৰ বাবে লিচু অতি লাভবান ফল। কাৰণ ইয়াত ভিটামিন C অধিক পৰিমাণত পোৱা যায় ই অন্তিওকচিদেন্তৰ লগত যুঁজ দিয়াত সহায় কৰে। যাৰ বাবে আপোনাৰ ছালত কোনো ধৰণৰ দাগ নপৰে।
২১. যিসকল লোক অধিক পৰিমাণে সুৰাপান কৰে বা যিসকল লোক কুপোষণত ভোগে আৰু যিসকলে অধিক পৰিমাণে ঔষধ সেৱন কৰে তেনে লোকৰ লিভাৰ অতি দুৰ্বল হৈ পৰে। সেইসকল লোকে লিচু খাব লাগে কাৰণ লিচুত হেপেটোপ্রতেক্টিভ এজেণ্ট থাকে যি লিভাৰৰ বাবে উপকাৰী হয়।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/tragic-incident-4-years-old-girl-drowned-in-pond-in-assam/9447/
Discussion about this post