কাৰ, কেতিয়া, ক’ত মানুহক মৃত্যুৰ মুখলৈ টানি নিয়ে কোনোৱে নাজানে। সেই একেধৰণৰ ঘটনা সংঘটিত হৈছে বৰপেটাত। মাছ মাৰিবলৈ যোৱাই যেন কাল হৈ পৰিল যুৱকৰ বাবে। পথাৰত মাছ মাৰিবলৈ গৈ দ’ পুখুৰীত পৰি ১৯ বছৰীয়া এজন যুৱকৰ মৃত্যু (19 Years Youth Die After Drowning In Pond)। এই শোকাৱহ ঘটনা (Tragic Incident) সংঘটিত হৈছে বৰপেটা ৰোডৰ (Barpeta Road) সমীপৰ কলহভাঙাত।
জানিব পৰা মতে মৃত যুৱকজন দক্ষিণ কলহভাঙা গাঁৱৰ আসাম ব্ৰিলিয়েণ্ট একাডেমীত একাদশ শ্ৰেণীত অধ্যয়ন কৰা লক্ষণ ক্ষত্ৰিয়ৰ পুত্ৰ সমৰ ক্ষত্ৰিয়। ৬জন সমনীয়াৰ সৈতে মাছ মাৰিবলৈ গৈছিল যুৱকজনে। যুৱকজন দ’ পুখুৰীত পৰি উঠিব নোৱাৰাৰ ফলত ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটে যুৱকজনে।
ইয়াৰ পাছতে প্ৰায় দুঘণ্টা সময় ধৰি ৰাইজে আৰক্ষীৰ উপস্থিতিত অভিযান চলাই অৱশেষত পানীৰ তলৰ পৰা যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তাৰ পিছত শিমলাগুৰি আৰক্ষীয়ে (Simlaguri Police) যুৱকজনক বৰপেটা ৰোড চিকিৎসালৈ (Barpeta Road Hospital) প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
Photo & Input: ৰবিউল ইছলাম
Discussion about this post