ঘোচ (Bribe Case) লৈ নিলম্বিত (Suspended) হ’ল শ্ৰম বিভাগৰ (Labour Department) জ্যেষ্ঠ সহায়ক শোণিত কুমাৰ দাস (Sunit Kumar Das)। শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত শ্ৰম অনুজ্ঞাপত্ৰৰ নামত কাৰ্যালয়তে ঘোচ (Taking Bribe) লৈছিল উচ্চ বৰ্গৰ সহায়ক শোণিত দাসে। একোখন শ্ৰম অনুজ্ঞাপত্ৰ উলিয়াবৰ বাবে চৰকাৰী খৰচ হয় ৩,২০০টকা ৷ কিন্তু শোণিত কুমাৰ দাসক লাগে ৭ হাজাৰকৈ টকা। এই অভিযোগ বহু ভুক্তভোগী লোকৰ।
ঘোচ লোৱাৰ ভিডিঅ’-
কিন্তু এইবাৰ দিন বেয়া আছিল যাৰ বাবে পৰিল ধৰা। ঘোচখোৰ শোণিত দাসে বিচৰা ধন কাৰ্যালয়ত দিবলৈ গৈ এজন ঠিকাদাৰে নিজৰ গোপন মোবাইলত বন্দী কৰি লৈছিল ধন লোৱাৰ সমগ্ৰ দৃশ্যাংশ ৷ ইয়াৰ পিছতে শোণিত দাসৰ এই ঘোচ লোৱা কাণ্ড ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত (Video Viral In Social Media)। তাৰ পিছতে তাৎক্ষণিকভাবে বিভাগৰ ফালৰ নিলম্বন কৰা হয় বিষয়াগৰাকীক ৷
Photo: News8 Northeast
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-of-betel-leaves-fitness-tips/9160/
Discussion about this post