ৰূপচর্চাত হালধিৰ (Raw Turmeric) ব্যাপক ব্যৱহাৰ প্ৰচলিত। ৰন্ধাৰ ক্ষেত্ৰত হালধি অতি প্ৰয়োজনীয় উপাদান। কিন্তু হালধিৰ অন্য এটাও পৰিচয় আছে। সেয়া হৈছে ঔষধি হালধি। হালধি স্বাস্থ্যৰ বাবে অতি উপকাৰী উপাদান। বিশেষকৈ ৰাতিপুৱা শুই উঠি খালি পেটত এটুকুৰা কেঁচা হালধি খালে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়।
হালধি (Raw Turmeric) খোৱাৰ লাভালাভবোৰ কি কি জানি লওঁ আহক-
১. কেঁচা হালধিয়ে হজমশক্তি বৃদ্ধি কৰি খাদ্য পৰিপক্কতাত যথেষ্ট সহায় কৰে।
২. কেঁচা হালধিৰ মুখ্য উপাদান কাৰকিউমিনে হাড়ৰ ক্ষয়ক ৰোধ কৰে।
৩. কেঁচা হালধিয়ে ৰক্ত শৰ্কৰাৰ স্তৰ আৰু ইনচুলিন হৰমনৰ কাৰ্যপ্ৰণালী সকলো ধৰণে বজাই ৰখাত সহায় কৰে।
৪. হালধিত থকা এণ্টি-বেক্টেৰিয়া-প্ৰতিৰোধী উপাদানবোৰে দাঁতবোৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা মুক্ত ৰাখে। দাঁতৰ গূৰি শক্তিশালী কৰে।
৫. হালধিত যথেষ্ট পৰিমাণে আয়ৰণ থাকে। হালধি তেজত আয়ৰণৰ পৰিমাণ হ্ৰাস হ’লে বৃদ্ধি কৰাত কাৰ্যকৰী হয় হালধি ।
৬. দীৰ্ঘদিন ধৰি কলেষ্টেৰলত ভুগি থকা সকলৰ বাবে কেঁচা হালধিয়ে যাদুৰ দৰে কাম কৰিব পাৰে।
৭. গাখীৰ আৰু হালধি পাউদাৰ মিশ্ৰিত কৰি যদি আপুনি সেৱন কৰে তেন্তে মধুমেহ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিব। এটা পাত্ৰত গাখীৰ গৰম কৰি তাত অলপ হালধি মিহলাই সেৱন কৰি সুফল পাব মধুমেহ ৰোগীসকলে।
৮. হালধিয়ে বিভিন্ন ৰোগৰ পৰা সকাহ দিয়াৰ লগতে শালমইনা, ছালৰ বিভিন্ন ৰোগ, অথবা ৰ’দে পোৰা ছালৰ কাৰণে মহৌষদৰ ৰূপত কাম কৰে ৷ শালমইনা সমস্যাৰ কাৰণে কেচাঁ হালধি অত্যন্ত উপকাৰী ৷ শালমইনাৰ সমস্যা থাকিলে নিশা হালধি লগাই পুৱা চাফা পানীৰে ধুলে উপকৃত হ’ব পাৰি৷ লগতে ৰ’দে পোৰা ছালত হালধি, গাখীৰ আৰু মৌ লগালে সুফল’ পাব আপোনালোকে ৷ অন্যহাতে কোৱা হয় যে মাগুৰ বৰণীয়া ছালৰ যুৱতীয়ে যদি নিয়মিত ৰূপত হালধি লগালে সুফল পাব পাৰিব ৷ অৰ্থাৎ ছালৰ ৰং উজ্জ্বল হ’ব ৷
৯. হালধি (Turmeric) হৃদ ৰোগ (Heart disease)ৰ বাবে উপকাৰী। কেঁচা হালধিৰ নিয়মীয়াকৈ সেৱন কৰিলে দেহত বৃদ্ধি পোৱা কলেষ্টৰলৰ পৰিমাণ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে। যাৰ ফলত হৃদ ৰোগৰ পৰা ৰক্ষা পাব পাৰি।
১০. শৰীৰৰ যিকোনো ধৰণৰ কটা –ছিঙা বা ঘাঁহ (Cut/wounds) আদি হ’লে তাত কেঁচা হালধি (Raw turmeric) পিচি প্ৰলেপ লগালে উপকাৰ হয়।
১১. শৰীৰৰ গাঁঠিৰ বিষত হালধিৰ উপকাৰিতা দেখা যায়। হালধিয়ে গাঁঠি জোৰাৰ বিষ নিৰাময় কৰে।
১২. হালধিয়ে খাদ্যৰ পাচন প্ৰক্ৰিয়াত যথেষ্ট সহায় কৰে আৰু হজম শক্তি বঢ়াই।
১৩. হালধি মুখৰ উজ্বলতাৰ বাবেও উপকাৰী।
১৪. হালধি চকুৰ ৰোগ (eye disease)ৰ বাবে উপকাৰী। কেটেৰেক্ট (Cataract), ইউডিআইটিচৰ দৰে চকুৰ ৰোগ (eye disease) সমূহ নিৰাময় কৰে।
১৫. লিভাৰৰ ৰোগ (Liver disease), আভোক, জণ্ডিছ (Jaundice), চিৰচিচ (Psoriasis) আদি ৰোগৰ বাবে হালধি উপকাৰী।
১৬. ৰাতিপুৱা সময়ত হালধি গাখীৰ খালে শৰীৰৰ এলাৰ্জি (Allergy) সমূহ নাইকিয়া হয় ।
১৭. হালধি চৰ্দি- জ্বৰৰ ৰোগৰ বাবে উপকাৰী। প্ৰতিদিনে কেঁচা হালধি গাখীৰত দি খালে চৰ্দি –জ্বৰ আদিৰ পৰা সকাহ পাব পাৰি।
১৮. নিয়মিত হালধি গাখীৰ খালে কাৰকিউমিনৰ প্ৰভাৱত বিডিএনএফ (BDNF) নামৰ এক ৰাসায়নিকৰ পৰিমাণ বাঢ়ে যাৰ বাবে আলঝেইমাৰৰ প্ৰকোপ কমে আৰু মগজুৰ কাৰ্যক্ষমতা বাঢ়ে।
১৯. প্ৰস্ৰাৱ কমকৈ হোৱা বা প্ৰস্ৰাৱত জ্বলা –পোৰাত হালধিৰ উপকাৰিতা । ২ চামুচ হালধি ৰস , ৪ চামুচ চালকুৱৰি ৰস (Aloe vera) আৰু ১/২ কাপ কূহুমিয়া পানী দিনত তিনিবাৰকৈ খালে E. Coli বীজাণু ৰোধ কৰিব পাৰে।
২০. শৰীৰৰ অত্যাধিক ওজন (obesity) হ্ৰাস কৰাত হালধি উপকাৰী।
২১. জুয়ে পোৰাৰ বাবে হালধি উপকাৰী। জুয়ে পোৰা অংশত হালধিৰ প্ৰলেপ লগালে কিছু সকাহ পোৱা যায়।
২২. হালধি গুৰি ১ চামুচ আৰু ১/২ গিলাচ কুহুমীয়া পানী নিতৌ দুবাৰ কৈ খালে উচ্ছ ৰক্ত চাপৰ ৰোগীয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।
২৩. হালধি ২ চামুচ আৰু ১ গিলাচ গাখীৰ নিতৌ দুবাৰ খালে সুস্বাস্থ্যবান আৰু বলবান হৈ থাকিব পাৰে।
২৪. কেঁচা হালধি, কলা তুলসী, বেচন আৰু মৌ মিহলাই লেপন বনাই মুখত ঘঁহিলে মুখত যি কোনো কাৰণত হোৱা কলা দাগ আঁতৰি যায়।
২৫. এফোটা নহৰু, ২ চাহ চামুচ কেঁচা হালধি ৰস আৰু ১ গিলাচ কুহুমীয়া পানী নিতৌ দুবাৰ কৈ খালে হৃদৰোগ পৰা আঁতৰি থাকিব পাৰি আৰু লগতে কলেষ্টেৰল (Cholesterol) নিয়ন্ত্ৰণ হয়।
২৬. ৰাতিপুৱা ১/২ লিটাৰ পানী খোৱাৰ পিছত ২ চাহ চামুচ কেঁচা হালধি ৰস নিতৌ খালে পেলু, কোষ্ঠকাঠিন্য আৰু গেষ্ট্ৰাইটিজৰ পৰা হাত সাৰিব পাৰি।
২৭. হালধি ৰক্তশোধক হিচাপে ব্যৱহাৰ কৰিব পাৰি।
Photo: Google
Discussion about this post