এক অবৈধ প্ৰেম কাহিনী (Extra Marital Affair)! এই প্ৰেম কাহিনী ৰূপহীহাটৰ (Rupahihat)। প্ৰেমিকা ৩ সন্তানৰ মাতৃ আৰু প্ৰেমিক ৬ সন্তানৰ পিতৃ। তাকো সম্পৰ্কত দুয়ো মোমাই-ভাগিন। দীৰ্ঘদিনে দুয়োৰে মাজত চলি আহিছিল প্ৰেমৰ সম্পৰ্ক (Love Case)। প্ৰেমিকাক এৰি থাকিব নোৱাৰা অৱস্থা হৈ পৰিল প্ৰেমিকৰ। দুয়ো বিবাহিত হোৱাৰ বাবে ভালদৰে লগো হ’ব নোৱাৰে। কৰে কি, আঁতৰি থাকিবও নোৱাৰে। শেষত ঈদৰ পবিত্ৰ দিনটোতেই দুয়ো থিৰাং কৰিলে এক হোৱাৰ। মামাই পলুৱাই লৈ গ’ল ভাগিনীক।
ভাগিনীৰ সৈতে যোৱাৰ সময়ত মামাই লগত লৈ গ’ল ১ লাখ ২০ হাজাৰ টকাৰ লগতে আ-অলংকাৰো। যাতে কতো একো বিপদ নহয়। ইফালে প্ৰেমিক মফিজ উদ্দিন গাঁওখনৰ গাঁওবুঢ়া। এই ঘটনা সংঘটিত হৈছে ৰূপহীহাটৰ ভাটিয়াখালিত। ঘটনাৰ পিছতে অঞ্চলজুৰি প্ৰতিক্ৰিয়া।
এই ঘটনাৰ পিছতে তিনি সন্তানৰ ভাগিনী প্ৰেমিকাৰ পৰিয়াল কাষ চাপিল আমবাগান আৰক্ষীৰ (Aambagan Police)। আৰক্ষী চকীত গাঁওবুঢ়া মোমায়েক মফিজ উদ্দিনৰ বিৰুদ্ধে তৰিলে গোচৰ।
Photo: Abu Hanifa





























Discussion about this post