ৰাজ্যত পুনৰ ধুমুহাৰ তাণ্ডৱ। কাছাৰৰ (Cachar) কাটিগড়াত (Katigorah) ধুমুহাৰ (Strom) তাণ্ডৱ ৷ ধুমুহাৰ ফলত ভয়ংকৰ ঘটনা (Horrific Incident) সংঘটিত হয়। ধুমুহাৰ ফলত প্ৰকাণ্ড গছ গাড়ীত উভালি পৰি গুৰুতৰভাৱে আহত (Two Person Injured) হয় দুজন লোক ৷ হঠাৎ আহা ধুমুহাত কাছাৰৰ কাটিগড়াত ব্যাপক ক্ষতিসাধন হয়।
হঠাৎ আহা ধুমুহাত এডাল গছ উভালি চলন্ত বাহনৰ ওপৰত পৰি গুৰুতৰ আহত হৈছে দুজনকৈ লোক ৷ মেচিনেৰে গছ কাটি উলিয়াই অনা হয় দুজন লোকক। আহত দুজনৰ মাজত এজন পূৰ্বকাটিগড়া জিলা পৰিষদ সদস্যৰ স্বামী নজমূল হক বুলি জানিব পৰা গৈছে ৷ লগতে আহত হৈছে তেওঁৰ চালক ৷
ঘটনাৰ পাছতে স্থানীয় লোকসকলে ক্ষতবিক্ষত বাহন খনৰ পৰা লোক দুজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Photo & Input: নৈতিক শীল
Discussion about this post