লাহৰীঘাটত (Laharighat) পোহৰলৈ আহিছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। তৃতীয় শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰিলে ৫৯ বছৰীয়া শিক্ষকে (Teacher Rape Girl)। ঘটনাটেক কেন্দ্ৰ কৰি উত্তপ্ত লাহৰীঘাটৰ কুশতলি বৰঙণি মাধ্যমিক বিদ্যালয়ত।
এগৰাকী তৃতীয় শ্ৰেণীত অধ্যয়নৰত কণমানি ছাত্ৰীক ধৰ্ষণ (Rape Case) কৰা কাণ্ডক লৈ স্থানীয় ৰাইজে উত্তাল কৰি তোলে বিদ্যালয়ৰ পৰিবেশ। বিদ্যালয়ৰ কাৰ্যালয়তে আবদ্ধ কৰি ৰাখে লম্পট শিক্ষক হৰেশ্বৰ ডেকাক।
পৰৱৰ্তী সময়ত লাহৰীঘাট আৰক্ষীৰ (Laharighat Police) লগতে অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ উদ্ধাৰ কৰে শিক্ষকজনক। ৫৯ বছৰীয়া শিক্ষাগুৰু জনৰ এই জঘন্যকাণ্ডই লজ্জানত কৰিলে শিক্ষক সমাজক। বৰ্তমান সময়ত লম্পট শিক্ষকজনক লাহৰীঘাট আৰক্ষীয়ে সোধ-পোচা অব্যাহত ৰাখিছে।
Photo & Input: ছাদ্দাম হুছেইন
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-bael-juice-benefits/8336/
Discussion about this post