অইল ইণ্ডিয়া লিমিটেডৰ শেহতীয়া এক নিযুক্তি জাননীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা (স্বাধীনে)। OIL-এ শেহতীয়াভাৱে এক বিজ্ঞাপনযোগে ১২০টা কনিষ্ঠ সহায়কৰ পদৰ বাবে অসমৰ তৈলক্ষেত্ৰ অধ্যুষিত এলেকাৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ চাংলা জিলাৰ প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছিল।
ইয়াতে ক্ষুন্ন হৈ পৰে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা। অইল ইণ্ডিয়া লিমিটেডৰ এই নিযুক্তি জাননী পক্ষপাতমূলক বুলি অভিহীত কৰি এক বিবৃতিত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কয় যে, অসমৰ জনসাধাৰণ ইয়াৰ প্ৰাকৃতিক সম্পদৰ অধিকাৰী হোৱাৰ পৰিপ্ৰেক্ষিতত এই সম্পদৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা উদ্যোগ প্ৰতিষ্ঠানত চাকৰিৰ লগতে অন্যান্য সা-সুবিধা লাভ কৰাটো প্ৰতিজন থলগিৰী লোকৰ অধিকাৰ।
তেনেস্থলত অইল ইণ্ডিয়া লিমিটেডৰ নিযুক্তি জাননীয়ে অসমৰ চাৰি জিলা ক্ৰমে ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া, চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বাহিৰৰ প্ৰাৰ্থীসকলক বঞ্চিত কৰিছে।
আলফা (স্বাধীন)য়ে বিবৃটোত কয় যে- ‘উক্ত চাৰি জিলা আৰু অৰুণাচল প্রদেশৰ চাংলাং জিলাৰ প্রার্থীসকলৰ বাবেহে চাকৰি মকৰলৰ জাননী জাৰি কৰি বাকী জিলাৰ যোগ্য প্রার্থীসকলক এই সুবিধাৰ পৰা বঞ্চিত কৰা আমাৰ দৃষ্টিগোচৰ হৈছে৷ অইল ইণ্ডিয়া লিমিটেডৰ এনে পক্ষপাতমূলক কার্যৰ বিৰোধিতা কৰিছোঁ৷ অইল ইণ্ডিয়া লিমিটেডে চাকৰি মকৰলৰ ক্ষেত্রত কেৱল এই চাৰি জিলাৰ প্রার্থীক সুবিধা প্রদান কৰাৰ পৰিৱর্তে আর্থিক দৈন্যৰ প্রতি লক্ষ্য ৰাখি সমগ্র অসমৰ থলুৱা যোগ্য প্রার্থী উপকৃত হ’ব পৰাকৈ ব্যৱস্থা গ্রহণ কৰক৷’
আলফা (স্বাধীন)ৰ বিবৃতিক অইল ইণ্ডিয়া লিমিটেডে কিদৰে গ্ৰহণ কৰে সেয়া সময়তহে স্পষ্ট হ’ব।
Photo: Google
Discussion about this post