বিষাক্ত কাঠফুলা খোৱাৰ ভীষণ পৰিণতি। ডিব্ৰুগড় (Dibrugarh) বিষাক্ত কাঠফুলা খাই এইপৰ্যন্ত মৃত্যুক সাৱটিলে ৭ গৰাকীকৈ লোকে। উল্লেখ্য যে, এই ঘটনাত একেটা পৰিয়ালৰে মাতৃ-পুত্ৰ-কন্যাই সাৱটিলে কৰুণ মৃত্যুক (Four People Died After Consuming Poisonous Mushrooms)।
বিগত ৭ এপ্ৰিলত ডিব্ৰুগড়ৰ এটা পৰিয়ালে বিষাক্ত কাঠফুলা (Poisonous Mushrooms) ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। বিষাক্ত কাঠফুলা ভক্ষণ কৰা ঘটনাৰ পিছতে চাৰিজন লোকৰ দুৰ্ভাগ্যজনক মৃত্যুৰ পাছত মঙলবাৰে পুনৰ আন তিনিগৰাকীয়ে প্ৰাণ হেৰুৱাই।
যাৰ ফলত ৭জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা। চিকিৎসাধীন হৈ থকা লোক কেইগৰাকীৰ ভিতৰত সোমবাৰে দুই শিশুসহ দুগৰাকী মহিলাই প্ৰাণ হেৰুৱাই। আনহাতে আন ৮ জন লোক চিকিৎসাধীন হৈ আছিল। ইয়াৰ ভিতৰত চাৰিগৰাকীৰ অৱস্থা সংকটজনক আছিল। সেই চাৰিগৰাকীৰ ভিতৰত মঙলবাৰে পুনৰ তিনিগৰাকীয়ে প্ৰাণ হেৰুৱাই।
এগৰাকী মহিলা বৰ্তমানেও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। জোৎস্না গঢ় নামৰ মহিলাগৰাকীৰ অৱস্থা সংকটজনক। মঙলবাৰে মৃত্যু মুখত পৰা মহিলা কেইগৰাকী হৈছে- সৰুমাই কৰ্মকাৰ, চম্পা কৰ্মকাৰ আৰু ৰীতা কেওট। আনহাতে- ৰীমা কৰ্মকাৰ (৩৫), জোনাকী প্ৰজা (৩২), অজয় কৰ্মকাৰ (১০) আৰু ছয়নীকা কৰ্মকাৰ (৮) পূৰ্বে প্ৰাণ হেৰুৱাইছিল।
Photo: News8 Northeast, Input: Deepak Chetri




























Discussion about this post