তছলিমা বেগম আৰু নাই। ২২ ফেব্ৰুৱাৰীত যৌতুকৰ (Dowry Case) বাবে স্বামী গৃহৰ পৰিয়ালে কেৰাচিন তেল ঢালি জ্বলাই দিছিল তছলিমাক (Woman Was Allegedly Set On Fire And Killed By Her Husband’s Family)। ১০০ শতাংশ অগ্নিদগ্ধ হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল তছলিমা বেগম।
নিয়তিৰ ওচৰত হাৰ মানি তছলিমাই মঙলবাৰে বিয়লি ৩বজাত শেষ নিশ্বাস ত্যাগ কৰে তছলিমাই। কিন্তু আজিও তছলিমাক অগ্নিদগ্ধ কৰা অপৰাধী মুকলি আকাশৰ তলত। আজিপযৰ্ন্ত ন্যায় নাপালে তছলিমা বেগমে ।
উল্লেখযোগ্য তেজপুৰ বৰঘাট আৰক্ষী চকীৰ (Tezpur Barghat Police) অন্তৰ্গত চটাই চাপৰি নিবাসী মৃত আব্দুল ছুবানৰ কন্যা তছলিমা বেগমক আঢ়ৈ বছৰ আগতে ঢেকীয়াজুলি আৰক্ষী চকীৰ (Dhekiajuli Police) অন্তৰ্গত ২নং জয় নগৰ নিবাসী জামাল উদ্দিনৰ পুত্ৰ আনাৰুল হকৰ সৈতে বিবাহসম্পন্ন হৈছিল।
তছলিমাৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি পিতৃহাৰা তছলিমা বেগমৰ পৰিয়ালে স্বামীক বিবাহৰ সময়ত সকলো বস্তু বাহানি দিয়া স্বত্ত্বেও বিবাহৰ পিছৰ পৰাই স্বামীৰ পৰিয়ালে যৌতুক হিচাপে বিভিন্ন সময়ত টকা-পইচা দাবী কৰি শাৰীৰিক আৰু মানসিকভাবে নিৰ্যাতন চলাইছিল (Women Physically & Mentally Harrasment By Husband Family)। এই নিৰ্যাতন সম্পৰ্কে বহুবাৰ ৰাইজ মেল অনুষ্ঠিত হৈ সমস্যা সমাধানৰ চেষ্টা কৰে যদিও বন্ধ হোৱা নাছিল স্বামীৰ পৰিয়ালৰ নিৰ্যাতন।
অৱশেষত ২২ ফেব্ৰুৱাৰীত পুৱা স্বামীৰ পৰিয়ালৰ লোক মামা শহুৰ আব্দুল বাৰেকৰ নিৰ্দেশ অনুযায়ী স্বামী আনাৰুল হক শহুৰ জামাল উদ্দিন, শাহু আনোৱাৰা বেগম, আমানুল হকে মিলি তছলিমা বেগমৰ গাত কেৰাচিন তেল ঢালি জ্বলাই প্ৰাণে মৰাৰ চেষ্টা কৰে।
পিছত ওচৰ চুবুৰীয়াই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও সোমবাৰলৈ মৃত্যুৰ সৈতে যুঁজি আছিল তছলিমা বেগমে। ইতিমধ্যে তছলিমা বেগমৰ পৰিয়ালৰ লোকে ঢেকীয়াজুলি আৰক্ষী চকীত ভাৰতীয় দণ্ডবিধিৰ 498(A),326,307,341 ধাৰাৰ ৭৬/২০২২ নম্বৰত গোচৰ ৰুজু কৰিছে। কিন্তু তছলিমাই ন্যায় নোপোৱাকৈয়ে শেষ নিশ্বাস মৃত্যুক সাৱটিবলগীয়া হয়।
আৰক্ষীয়ে কেৱল মাত্ৰ দুজন আচামীক আটক কৰাৰ কথা পৰিয়ালৰ লোকে জনাইছে।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post