কোন দিশে শিক্ষা ব্যৱস্থা! এইবাৰ নকল যোগানত নামিল স্বয়ং শিক্ষাগুৰু ৷ বৰপেটাত মেট্ৰিক পৰীক্ষা কেন্দ্ৰৰ (Barpeta HSLC Exam Centre) প্ৰস্ৰাৱগাৰৰ পৰা বৃহৎ পৰিমাণৰ নকলসহ এজন শিক্ষক আটক (Teacher Detain) ৷ কোন নম্বৰ পৰীক্ষা গৃহত, কোনজন পৰীক্ষাৰ্থীক যোগান ধৰিব নকল, পৰীক্ষাৰ্থীৰ ৰোল নম্বৰ আৰু নামসহ শিক্ষকজনৰ পৰা নকলৰ পুৰিয়া উদ্ধাৰ কৰিলে আৰক্ষীয়ে ৷
শিক্ষকজনে নিজেই টোপোলা কৰি আনি মেট্ৰিক পৰীক্ষাৰ্থীক যোগান ধৰিছিল নকল…কিন্তু বিদ্যালয়ৰ শোচলয়ৰ পৰা হাতে-লোটে ধৰা পৰি গ’ল শিক্ষকজন। বৰপেটাৰ নগাঁৱৰ শিক্ষামন্দিৰ হাইস্কুল পৰীক্ষা (Barpeta School) কেন্দ্ৰত নকল যোগান ধৰি থকা অৱস্থাত শিক্ষকগৰাকীক আটক কৰে আৰক্ষীয়ে ৷ পৰীক্ষা গৃহত ছাত্ৰক নকল যোগানৰ অভিযোগত আটক শিক্ষকগৰাকীৰ নাম খবিৰ ভূঞা ৷ জেৰক্স কৰি কৰি পৰীক্ষাৰ্থীৰ নাম ৰোল নাম্বাৰ লিখি নকল বিলাইছিল শিক্ষকজনে নিজেই। লগতে শিক্ষকৰ পকেটৰ পৰা উদ্ধাৰ কৰে ৰোল নম্বৰৰ তালিকা যি যি ছাত্ৰ-ছাত্ৰীক নকল যোগান ধৰা হব।
কেইবাটাও নকলৰ টোপোলা উদ্ধাৰ কৰে আৰক্ষীয়ে। নকলৰ টোপোলা কেইটা মেৰিয়াই লবৰেৰে বান্ধি আনিছিল শিক্ষক খবিৰ ভূঞাই। খবিৰ ভূঞা গৰৈমাৰী মিলন হাইস্কুলৰ আৰবী বিষয়ৰ শিক্ষক ৷
নকল যোগান ধৰা মহান শিক্ষক গৰাকীৰ লগতে জেৰক্স কৰা দোকানৰ গৰাকী ইনামুল হক আৰু ছহিদুল ইছলামকো আটক কৰিছে আৰক্ষীয়ে। জেৰক্স কৰা দোকানখনৰ নাম ছেমিন জেৰক্স।
বৰপেটাৰ একাংশ পৰীক্ষা কেন্দ্ৰত নকলৰ অবাধ প্ৰচলন ৰোধ কৰাৰ উদ্দেশ্যে শিক্ষাবিভাগৰ দায়িত্বত থকা বৰপেটাৰ অতিৰিক্ত উপায়ুক্তই পৰীক্ষা কেন্দ্ৰৰ ৩০০ মিটাৰ দূৰত্বৰ সকলো জেৰ’ক্স চেণ্টাৰ বন্ধৰ নিৰ্দেশ দিছিল ৷ কিন্তু জেৰক্স চেণ্টাৰটো বাহিৰৰ পৰা বন্ধ কৰা দেখুৱাই ভিতৰত নকল জেৰক্স কৰি থকাৰ অভিযোগত ইনামুল হক আৰু ছহিদুল ইছলামক আৰক্ষীয়ে আটক কৰে ৷
অসমৰ বৰপেটা জিলাৰ চেঙাৰ এখন বিদ্যালয়ত সংঘটিত হৈছে লজ্জাজনক ঘটনা। মেট্ৰিক পৰীক্ষাৰ পৰীক্ষা কেন্দ্ৰত ছাত্ৰ-ছাত্ৰীক নকল যোগান ধৰিছে শিক্ষকে নিজেই। শিক্ষামন্দিৰ হাইস্কুল পৰীক্ষা কেন্দ্ৰত নকল যোগান ধৰি থকা অৱস্থাত শিক্ষকগৰাকীক আটক কৰে আৰক্ষীয়ে। আৰক্ষীয়ে নকল যোগান ধৰা শিক্ষকজনক বিচাৰি পৰীক্ষা কেন্দ্ৰত অভিযান চলোৱাৰ সময়তে শৌচাগাৰৰ ভিতৰত আত্মগোপন কৰিছিল শিক্ষকগৰাকীয়ে ৷ কিন্তু অৱশেষত আৰক্ষীৰ হাতত ধৰা পৰি যায় সেই মহান শিক্ষক যিয়ে ছাত্ৰী-ছাত্ৰীক নিজেই নকলৰ যোগান ধৰিছিল।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/petrol-and-diesel-price-hike-in-assam/7901/
Discussion about this post