দীৰ্ঘদিনে কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈয়ে বৃহস্পতিবাৰে মুকলি আকাশৰ তললৈ অহাৰ পিছত শুকুৰবাৰে পুৱাই ৰাওনা হয় নিজ সমষ্টি শিবসাগৰলৈ। পুৱাই গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যাত্ৰাৰ পথত দল-সংগঠন আৰু শুভাকাংক্ষীয়ে নগাঁও বৰঘাট বাইপাছ চ’কত উষ্ম আদৰণি জনায়।
আদৰণি গ্ৰহণৰ পিছত অখিল গগৈয়ে সংবাদমাধ্যমক কয়-
‘মই বিধায়ক হ’লো বুলিয়েই সংগ্ৰামী পদ ত্যাগ কৰা নাই বৰং সেই সমস্যাসমূহ বিধানসভাত উত্থাপন কৰি সংসদীয় ব্যৱস্থাৰ জৰিয়তে সেই সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। যদি সমস্যাসমূহ সমাধান নহয় পুনৰ আন্দোলন আৰম্ভ কৰিম।
নদীবান্ধৰ সমন্ধে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কৃষক নেতাগৰাকীয়ে কয় যে-
নদীবান্ধ আৰু টোল গেট সম্পৰ্কে তেওঁ ইতিমধ্যে বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছে লগতে তেওঁ এইসমূহ টোল গেটৰ তলেৰে অহা-যোৱা কৰাটো তেওঁৰ বাবে সম্ভৱ নহয় বুলিও মত প্ৰকাশ কৰে।
বিজেপি চৰকাৰে জাপি দিয়া কা’ৰ বিৰুদ্ধে তেওঁ ইতিমধ্যে বিধানসভাত বিৰোধিতা কৰিছে বুলি জানিবলৈ দিয়াৰ লগত কা’ বাতিল নহলে কাৰ বিৰুদ্ধে পুনৰ আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ দিয়ে কৃষক নেতাগৰাকীয়ে।
মৰিয়নীৰ বিধায়কক ৰূপজ্যোতি কুৰ্মীৰ সন্দৰ্ভত তেওঁ কয় যে- আমি মৰিয়নী এৰি দি ডাঙৰ ভুল কৰিলো। অনাগত দিনত ৰূপজ্যোতিক ৰাইজে সঠিক প্ৰত্যুত্তৰ দিব। তেওঁ ৰাজ্যত চলি থকা ক’ৰোনা মহামাৰী আৰু সান্ধ্য আইন সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post