মেঘালয় উচ্চ ন্যায়ালয়ে (Meghalaya High Court) এটা গোচৰৰ শুনানি প্ৰদান কৰি কৈছে যে ‘কাপোৰ নোখোলাকৈয়ে কৰা বলপূৰ্বক কাৰ্যকো ধৰ্ষণৰ (Rape) শাৰীত ধৰা হয়’। লগতে কয় যে অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ (খ) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হ’ব। এগৰাকী ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ সম্পৰ্কীয় এটা গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জী আৰু ন্যায়াধীশ ডব্লিউ ডিংডোহৰ এখন খণ্ড বিচাৰপীঠে এই কথা কয়।
ইয়াৰ লগতে নিম্ন আদালতে প্ৰদান কৰা শাস্তিৰ নিৰ্দেশনাকো বাহাল ৰাখে উচ্চ ন্যায়ালয়ে (High Court)। গোচৰটোৰ শুনানি গ্ৰহণ কৰি বিচাৰকসকলে কৈছিল যে এসপ্তাহ পিছত কৰা চিকিৎসা পৰীক্ষাত ছোৱালীজনীয়ে গুপ্তাংগত বিষ অনুভৱ কৰিছিল আৰু সেয়াই যৌন সম্ভোগৰ প্ৰমাণ হিচাপে যথেষ্ট।
অৱশ্যে অভিযুক্তজনে এক অদ্ভুট দাবী কৰি কৈছিল যে ‘তেওঁ ছোৱালীজনীৰ তলৰ কাপোৰ খোলা নাছিল’। ২০১৮ চনৰ ৩১ অক্টোবৰত এখন ট্ৰায়েল ক’ৰ্টে অভিযুক্তক দোষী সাব্যস্ত কৰি ১০ বছৰৰ কাৰাদণ্ড আৰু ৩৫ হাজাৰ টকাৰ জৰিমনা বিহিছিল। ইয়াৰ পিছতে দোষীয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু কৈছিল যে ‘তেওঁ ছোৱালীজনীৰ অন্তৰ্বাস খোলা নাছিল’, সেয়ে তেওঁৰ ওপৰত ধৰ্ষণৰ অভিযোগ জাঁপি দিয়া উচিত নহয়।
দোষীজনৰ এই সকলো দাবী খাৰিজ কৰি উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰে ৰায়ক বাহাল ৰাখে।
Photo: Google





























Discussion about this post