মূল্য বৃদ্ধি পালে (Price Hike) মেগীৰ ( Maggi Masala Noodles)। হিন্দুস্থান ইউনিলিভাৰ (Hindustan Unilever) আৰু নেছলে ইণ্ডিয়া (Nestlé India)ই লৈছে এই বৃহৎ সিদ্ধান্ত। সোমবাৰৰে পৰা মেগী, কফি, চাহপাত আৰু গাখীৰ পাউডাৰৰ মূল্য পুনৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
কেৱল মেগীৰ ক্ষেত্ৰতেই নহয়, নেছলে ইণ্ডিয়াৰ সামগ্ৰী কফি (Nescafe Classic Coffee powder) আৰু চাহপাতৰো মূল্য বৃদ্ধি কৰিলে। চাহপাত, কফি, মিল্ক পাইডাৰ আৰু নুডলছৰ মূল্য বৃদ্ধি কৰিলে। ১৪ মাৰ্চ সোমবাৰৰ পৰাই এই সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি হ’ল। এতিয়াৰে পৰা ব্ৰু কফিৰ মূল্য ৩ৰ পৰা ৭ শতাংশ বৃদ্ধি হ’ল, ব্ৰু গোল্ড কফিৰ (Bru Gold Coffee) মূল্য ৩ৰ পৰা ৪ শতাংশ বৃদ্ধি হ’ল, ইনষ্টেড কফি ৩ৰ পৰা ৬.৬৬ শতাংশ বৃদ্ধি হ’ল।
সেই অনুসৰি চাহপাতৰ ক্ষেত্ৰত তাজমহলত (Taj Mahal Tea Prices) ৩.৭ শতাংশৰ পৰা ৫.৮ শতাংশ বৃদ্ধি, ব্ৰুক বণ্ডত (Brooke Bond) ১.৫ৰ পৰা ১৪ শতাংশ বৃদ্ধি।
মেগীৰ ক্ষেত্ৰত ৯ৰ পৰা ১৬ শতাংশ মূল্য বৃদ্ধি (Price Hike) হ’ল। ৭০ গ্ৰামৰ এটা পেকেটৰ মূল্য পূৰ্বে ১২ টকাৰ আছিল, এতিয়াৰে পৰা ১৪ টকা হ’ব সেই মেগীৰ পেকেটৰ মূল্য। ৫৬০ গ্ৰামৰ মেগীৰ পেকেটৰ মূল্য পূৰ্বে ৯৬ টকা আছিল, এতিয়াৰে পৰা ১০৫ টকা সেইটো পেকেটত দিব লাগিব।
নেছলেৰ এক লিটাৰৰ মিল্ক পাউডাৰৰ (Milk Powder) মূল্য পূৰ্বে ৭৫ টকা আছিল, এতিয়াৰে পৰা সেই পেকেটৰ মূল্য ৭৮ টকা হ’ল।
Photo: Google
Discussion about this post