১৯ ফেব্ৰুৱাৰীত সংবাদ মাধ্যমত প্ৰকাশ হৈছিল এগৰাকী যুৱতী ধৰ্ষণৰ বাতৰি। বিহালীত (Bihali) ধৰ্ষণৰ (Rape Case) বলি হৈছিল এগৰাকী যুৱতী। দুই পাষণ্ডই মিলি কৰিছিল এই জঘন্য কাণ্ড। লিংটন দিহিঙীয়া আৰু ৰুদ্ৰ দাস নামৰ এই দুই লম্পটে সংঘটিত কৰিছিল এই পাশৱিক কাণ্ড।
বিহালীৰ (Bihali) বিহমাৰীত যুৱতীৰ ধৰ্ষণৰ (Girl Rape Case) প্ৰায় এমাহ হ’ল, আজিপৰ্যন্ত গ্ৰেপ্তাৰ নহ’ল ২ পাষণ্ড। সম্প্ৰতি জীৱন-মৃত্যুৰে যুঁজিছে ধৰ্ষিতাই। বিহালী আৰক্ষী (Bihali Police) থানাৰ অন্তৰ্গত বিহমাৰী বনগাঁৱত যোৱা ১৩ ফেব্ৰুৱাৰীত এগৰাকী মাতৃহীনা ১৭ বছৰীয়া যুৱতীক লখিমপুৰ জিলাৰ দুজন যুৱক লিংটন দিহিঙীয়া আৰু ৰুদ্ৰ দাসে ঘৰৰ পৰা ৰাতি উলিয়াই নি ধৰ্ষণ কৰাৰ পাছত শাৰীৰিক অত্যাচাৰ কৰি ঘৰৰ পাছফালে পেলাই থৈ গৈছিল। পিছত পিতৃ তথা পৰিয়ালৰ লোকে পথাৰৰ পৰা উঠাই আনি ঘটনাৰ বিষয়ে জানিব পাৰি বিহালী আৰক্ষীক গোচৰ দি, চিকিৎসাৰ ব্যৱস্থা কৰিছিল। উন্নত চিকিৎসাৰ বাবে বিহালীৰ পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালত ভৰ্তি কৰাইছিল কিশোৰীগৰাকীক আৰু চাৰি-পাঁচ দিনৰ পিছত চিকিৎসকে সুস্থ হোৱা বুলি হাস্পতালৰ পৰা যাবলৈ দিছিল। কিন্তু তাৰ দুদিনমানৰ পাছৰে পৰা পুনৰ অসুস্থ হৈ পৰা কিশোৰী গৰাকীৰ শাৰীৰিক অৱস্থা সম্প্ৰতি গুৰুতৰ।
ইফালে এনে এক পাশৱিক কাণ্ড সংঘটিত কৰা লম্পট লিংটন দিহিঙীয়া আৰু ধৰ্ষণ কাণ্ডৰ সহযোগী তথা বনগাঁৱৰে ৰূদ্ৰ দাসক আজিও কৰায়ত্ত নকৰিলে আৰক্ষীয়ে। তদুপৰি যুৱতীগৰাকী পুনৰ অসুস্থ হৈ পৰা বুলি বিহালী আৰক্ষী থানাত পিতৃয়ে অৱগত কৰোঁতে থানালৈহে মাতি পঠোৱা বুলি পিতৃ গোলাপ দাসে সাংবাদিকক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা গোলাপ দাসৰ পৰিয়ালটোৱে নিজাববীয়াকৈ উন্নত চিকিৎসা কৰাবলৈকো বৰ্তমান অক্ষম।
আজি বিহালী প্ৰেছ ক্লাৱৰ সাংবাদিকৰ এটা দল বিহমাৰীৰ গোলাপ দাসৰ ঘৰত পুনৰ উপস্থিত হৈ শেহতীয়া অৱস্থাৰ বুজ ল’বলৈ যোৱা সময়ত স্থানীয় মহিলা তথা ৰাইজে দোষীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ লগতে অসুস্থ, দুৰ্ভগীয়া যুৱতীগৰাকীৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী প্ৰশাসনৰ লগতে জিলা উপায়ুক্ত মহোদয়ক দাবী জনাইছে।
Photo & Input: পলাশ প্ৰিয়ম
Discussion about this post