মহানগৰীত (Guwahati) অঘটন। যাত্ৰীৰে সৈতে হঠাতে খহি পৰে লিফ্ট (Lift), কেইবাজনো গুৰুতৰভাৱে আহত। গুৱাহাটী মহানগৰীৰ ছাত্ৰীবাৰীত (Chatribari) এই অঘটন সংঘটিত হৈছে। পেট্ৰ’ল পাম্পৰ গাতে লাগি থকা GS Tower নামৰ এপাৰ্টমেণ্টত এই অঘটন সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
এপাৰ্টমেণ্টটোৰ লিফ্ট বিজুটি হৈ আঘাতপ্ৰাপ্ত হৈছে কেইবাজনো যুৱক (Several Person Injured)। জানিব পৰা মতে, এপাৰ্টমেণ্টটোৰ ওপৰ মহলাত আছে এখন ক্ৰিকেট আৰু ফুটবল অনুশীলন গ্ৰাউণ্ড। সেই অনুশীলন গ্ৰাউণ্ডত ভাগ ল’বলৈ আহিছিল যুৱক কেইজন। কিন্তু অধিক বহন হোৱাৰ বাবেই লিফ্টটো খহি যোৱাৰ অভিযোগ।
আঘাতপ্ৰাপ্ত যুৱককেইজনক ততাতৈয়াকৈ মাৰোৱাৰী মেটাৰনিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
Photo & Input: Ramesh Baishya
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-junk-food-items-unhealthy-food/7319/
Discussion about this post