ত্ৰিকোণীয় প্ৰেমৰ ভয়ংকৰ (Triangle Love) পৰিণতি। নতুন প্ৰেমিকৰ সৈতে মিলি পৰিকল্পনা কৰি অপৰহৰণ কৰে পূৰ্বৰ প্ৰেমিকক। তাৰ পিছত হত্যা (Murder)। স্নাতকৰ বিজ্ঞান শাখাৰ ছাত্ৰ আছিল হত্যাৰ বলি হোৱা ছাত্ৰ গৰাকী। এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ (Morigaon District) লাহৰীঘাটত (laharighat)। ন-প্ৰেমিকৰ সৈতে মিলি পূৰ্বৰ প্ৰেমিকক হত্যা কৰিলে প্ৰেমিকাই।
নতুন প্ৰেমিক আনিছুৰ ৰহমানৰ সৈতে মিলি পূৰ্বৰ প্ৰেমিকক হত্যা যুৱতীৰ। হত্যাৰ বলি হোৱা প্ৰেমিক যুৱকজন দেৱাগুৰীৰ ফাইজুৰ ৰহমান ওৰফে ৰাব্বুল। যোৱা ২৬ ফেব্ৰুৱাৰীত কলেজলৈ বুলি ওলাই যোৱা ছাত্ৰ গৰাকী সন্ধিয়া পৰ্যন্ত উভতি অহা নাছিল ঘৰলৈ। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰাৰ পিছতো কোনো সন্ধান পোৱা নাছিল ৰাব্বুলৰ। ৰাব্বুল বৰচিলা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ স্নাতক মহলৰ ছাত্ৰ আছিল।
পাছত ৰাব্বুলৰ পৰিয়ালে লাহৰীঘাট আৰক্ষীৰ (laharighat Police) কাষ চাপে। লাহৰীঘাট আৰক্ষীয়ে পৰিয়ালৰ লোকৰ অভিযোগৰ পাছতে অভিযোগ থকা প্ৰেমিকাগৰাকীক থানালৈ আনি সোধা-পোছা কৰে। সেই সোধা-পোছাতেই স্বীকাৰ কৰে সকলো কথা। কিয় কাৰ সৈতে কেনেকৈ হত্যা কৰে ৰাব্বুলৰৰ।
হত্যাকাৰী প্ৰেমিক যুগলে হত্যা কৰি পাতিদৈয়া দলঙৰ পৰা পানীত পেলাই দিছিল পূৰ্বৰ প্ৰেমিক ৰাব্বুলৰ মৃতদেহ। সেই ভাষ্য তথা স্বীকাৰোক্তিৰ ভিত্তিতেই পাতিদৈয়া দলঙৰ তলত মৃতদেহ বিচাৰি SDRF-এ অভিযান চলায়।
মৃতদেহ উদ্ধাৰ বাবে নিশা অভিযান চলাইছিল যদিও মৃতদেহ উদ্ধাৰ কৰিব নোৱাৰে। পুনৰ পুৱাৰ ভাগতো মৃতদেহটো উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে। কিন্তু এইপৰ্যন্ত উদ্ধাৰ হোৱা নাই মৃতদেহ।
Photo & Input: ছাদ্দাম হুছেইন
Discussion about this post