Bad News for India : ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা প্ৰচণ্ড গুলীবৰ্ষণৰ মাজতে ভাৰতৰ বাবে এক দুখজনক খবৰ আহিছে। দুয়োখন দেশৰ মাজত হোৱা যুদ্ধৰ ফলত ইউক্ৰেইনত আৱদ্ধ হৈ থকা এজন ভাৰতীয় ছাত্ৰৰ আজি ৰাতিপুৱা গুলীবৰ্ষণৰ ফলত নিহত হয়।
নিহত ছাত্ৰজনক নবীন (Naveen) বুলি চিনাক্ত কৰা হৈছে। কৰ্ণাটকৰ (Karnataka) বাসিন্দা নবীন খাৰকিভ ৰাষ্ট্ৰীয় চিকিৎসা বিশ্ববিদ্যালয়ৰ (Kharkiv National Medical University) ছাত্ৰ আছিল।
এই কথা নিশ্চিত কৰি ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “আমি ভুক্তভোগীৰ পৰিয়ালক এই তথ্য অৱগত কৰিছো আৰু তেওঁলোকৰ সৈতে নিৰন্তৰ যোগাযোগত আছো।
With profound sorrow we confirm that an Indian student lost his life in shelling in Kharkiv this morning. The Ministry is in touch with his family.
We convey our deepest condolences to the family.
— Randhir Jaiswal (@MEAIndia) March 1, 2022
মন্ত্ৰালয়ৰ মতে, নবীনে ইউক্ৰেইনৰ (Ukraine) খাৰকিভত থকা গভৰ্ণৰ হাউচৰ ওচৰত আন কিছুমান লোকৰ সৈতে খাদ্য খাবলৈ থিয় হৈ আছিল, সেই সময়তে তেওঁ মিছাইল আক্ৰমণত প্ৰাণ হেৰুৱাইছিল। স্থানীয় শিক্ষাৰ্থী, ঠিকাদাৰ আৰু তেওঁৰ বন্ধুসকলে নবীনৰ মৃতদেহ চিনাক্ত কৰে আৰু মৃতদেহটো স্থানীয় মৰণোত্তৰ পৰীক্ষা গৃহত ৰখা হৈছে।
২১ বছৰীয়া নবীন কৰ্ণাটকৰ চলাগেৰীৰ বাসিন্দা আছিল। এই ভয়াৱহ পৰিস্থিতিৰ মাজতে ২ দিন পূৰ্বে তেওঁ পৰিয়ালৰ লোকৰ সৈতে কথা পাতিছিল। আজিৰ পৰা দুদিন পূৰ্বে নবীনে ভিডিঅ’ কলত নিজৰ ঘৰৰ পৰিয়ালৰ সৈতে কথা পাতিছিল আৰু এইটো আশা দিছিল যে তেওঁ শীঘ্ৰে নিজৰ দেশলৈ উভতি যাব।
https://twitter.com/ZeeNews/status/1498606200229068808?s=20&t=OCDtcLJmpgVlGM3YSjWl6g
Photo: Zee News
Discussion about this post