আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ (Arrest) হ’ল নুনমাটিৰ মঠঘৰীয়াৰ কেবিন চ’কত সংঘটিত ৰে’ল বিভাগৰ অভিযন্তাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ (Dacoit Incident) মূল অভিযুক্ত। নুনমাটি আৰক্ষীৰ (Noonmati Police) অভিযানত নুনমাটিৰ জুপৰি বস্তিৰ পৰা গ্ৰেপ্তাৰ হ’ল টিংকু দাস (২৪)। ধৃত টিংকু দাসে আৰক্ষীৰ জেৰাত কিশোৰ কলিতা নামৰ অভিযন্তাজনৰ ডিঙি কাটি ধন লুট কৰাৰ কথা স্বীকাৰ কৰে।
উল্লেখ্য যে মঙলবাৰে নিশা নুনমাটিৰ (Noonmati) কেবিন চ’কৰ ওচৰত নিশা প্ৰায় ৮ মান বজাত কিশোৰ কলিতা নামৰ ৰে’ল বিভাগৰ অভিযন্তাজনৰ ডিঙিত চুৰীৰে আঘাত কৰি নগদ সাত হাজাৰ টকা, সোণৰ চেইন আৰু মোবাইল ফোন লুট কৰিছিল দুৰ্বৃত্তই।
এই ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছিল তীব্র চাঞ্চল্যৰ। গুৰুতৰভাৱে আহত অভিযন্তাজনক স্থানীয় লোকে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱাইছিল। ডিঙিত প্রায় ১৫ টাকৈ চিলাই পৰা কিশোৰ কলিতা বর্তমান সুস্থ বুলি জানিব পৰা গৈছে।
Photo & Input: News8 Northeast
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/lifestyle-best-tips-cut-onion-without-tears/7141/
Discussion about this post