লাহৰীঘাটত (Laharighat) পোহৰলৈ আহিছে এক অবৈধ প্ৰেমৰ (Extra Marital Affairs) ঘটনা। দুই সন্তানৰ পিতৃয়ে এক সন্তানৰ মাতৃৰ লগত নিশা প্ৰেম কৰিবলৈ আহি ধৰা পৰিল ৰাইজৰ হাতত। এই ঘটনাটো সংঘটিত হয় মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী (Laharighat Police) থানাৰ অন্তৰ্গত টেঙাগুৰি কছাৰীগাঁৱত।
দুই সন্তানৰ পিতৃ আইজুল হক নামৰ লোকজনে একে গাঁৱৰে ছিৰিনা খাতুন নামৰ এক সন্তানৰ মাতৃৰ লগত নিশা কটাবলৈ আহি ধৰা পৰিল ৰাইজৰ হাতত। উল্লেখ্য যে, এক সন্তানৰ মাতৃ ছিৰিনা বেগমৰ স্বামী বহিঃৰাজ্য কেৰালাত থকাৰ সুযোগ লৈ একে গাঁৱৰে দুই সন্তানৰ পিতৃ আইজুল হকৰ লগত গঢ় লৈ উঠে অবৈধ প্ৰেম।
আৰু সেই প্ৰেমৰ টানতেই আইজুল হক নামৰ প্ৰেমিকজনে প্ৰেমিকাৰ স্বামী গৃহতেই নিশা কটাবলৈ আহি ধৰা পৰিল প্ৰেমিকাৰ শহুৰৰ হাতত। পৰৱৰ্তী সময়ত গাঁৱৰ ৰাইজে পৰকীয়া প্ৰেমিক-প্ৰেমিকাক লাহৰীঘাট আৰক্ষীৰ হাতত চমজাই দিয়ে।
Photo & Input: ছাদ্দাম হুছেইন
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/silver-coin-recover-at-sivasagar-in-assam/7121/
Discussion about this post