আজিকালি ল’ৰা-ছোৱালীৰ মনত অস্থিৰতা দেখিবলৈ পোৱা যায় যি সৰু সৰু কথাতে ঠেহ ধৰে আৰু কেইবাবাৰো ভুল কামো কৰি দিয়ে। ইয়াৰ এটা ঘটনা পোহৰলৈ আহিছে ৰাজস্থানৰ (Rajasthan) ৰাজধানী জয়পুৰৰ (Jaipur) পৰা। য’ত দ্বাদশ শ্ৰেণীৰ ছাত্ৰই ৫ দিন পূৰ্বে নিজৰ জন্মদিনত পিতৃৰ পৰা পাবজীৰ (PubG) কাৰণে মোবাইল খুজিছিল কিন্তু পিতৃয়ে মোবাইল নিদিয়াত সি বুধবাৰে নিশা মাকৰ শাড়ীৰে ফাঁচী লগাই আত্মহত্যা (Commited Suicide) কৰে।
অৱশ্যে, আৰক্ষীয়ে এতিয়ালৈকে কোনো ছুইচাইড নোট পোৱা নাই। মৃত আদিত্যৰ পিতৃ বিজয় সিঙে কৈছিল যে আদিত্য পঢ়াত স্মাৰ্ট আছিল। আদিত্যই তাৰ ককাকৰ মোবাইলেৰে অনলাইন ক্লাছ লৈছিল। তাৰ পিছত সি ঘণ্টাৰ পিছত ঘণ্টা ধৰি PubG গেম খেলিছিল। PubG খেলাক লৈ পৰিয়ালৰ লোকে প্ৰায়ে আদিত্যক গালি পাৰিছিল। PubG গেম খেলাৰ আগ্ৰহৰ বাবে পিতৃয়ে তাক জন্মদিনত মোবাইল দিয়া নাছিল। এই সামান্য কথাতে খং কৰি আদিত্যই আত্মহত্যা কৰে।
চডালা আৰক্ষী থানাৰ বিষয়া সতপাল সিঙে কৈছিল যে ১৮ বছৰীয়া আদিত্য সীতাৰাম কলনিৰ বাসিন্দা আছিল। পিতৃ বিজয় সিঙে কৈছিল যে বুধবাৰে নিশা ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত আদিত্য তাৰ কোঠাত শুবলৈ গৈছিল। বুধবাৰে নিশা প্ৰায় ১২.৩০ বজাত উঠাত আদিত্যৰ কোঠাত পোহৰ দেখিছিলো।
জুমি চোৱাত আদিত্যক ফাঁচীত ওলমি থকা দেখা পালো। তাৰ পিছত পৰিয়ালটোৱে কোঠাটোৰ দুৱাৰ ভাঙি আদিত্যক এছএমএছ চিকিৎসালয়ত প্ৰেৰণ কৰো, য’ত চিকিৎসকে আদিত্যক মৃত বুলি ঘোষণা কৰে। চিকিৎসালয়ৰ খবৰত চডালা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক গতাই দিয়ে। তাৰ পিছত পৰিয়ালৰ লোকে অন্তিম সংস্কাৰ কৰে। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত মৃতকৰ পৰা কোনো ছুইচাইড নোট পোৱা নাই। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে।
Photo: Google
Discussion about this post