Fitkari Benefits: জ্যোতিষ শাস্ত্ৰত ফিটকেৰীৰ কেইবাটাও উপায়ৰ বিষয়ে কোৱা হৈছে, যিবিলাক কৰিলে কেইবাধৰণৰ আৰ্থিক সমস্যা আঁতৰ কৰাত সহায় হয়। কেৱল সেয়াই নহয়, স্বাস্থ্য সমস্যা সমাধান কৰাতো Fitkari কাৰ্যকৰী। ঘৰত বাস্তু দোষ, ঋণ মুক্তি, ধন লাভ আৰু ঘৰত থকা ঋণাত্মক শক্তি আঁতৰ কৰাত সহায় কৰে। জ্যোতিষ শাস্ত্ৰ অনুসৰি ফিটকেৰীৰে কৰা বহুতো প্ৰতিকাৰ উপকাৰী হয়। আহক জানো।
ফিটকেৰীৰ উপায়
ধন লাভৰ উপায়
জ্যোতিষ শাস্ত্ৰ অনুসৰি Fitkariৰ এটা টুকুৰা ধনৰ চন্দুকত থ’লে আৰু ফিটকেৰীৰ পানীৰে গা ধুলে আৰ্থিক পৰিস্থিতি শক্তিশালী হয়। ইয়াৰ লগতে, Fitkariক ক’লা ৰঙৰ কাপোৰেৰে বান্ধি ঘৰ বা দোকানৰ মুখ্য দ্বাৰত ওলোমাই থওক। এনে কৰিলে ঘৰ বা দোকানত কোনা ঋণাত্মক শক্তি বাস কৰিব নোৱাৰে। লগতে, ব্যৱসায়ত অগ্ৰগতি হয়।
ঋণ ৰেহাইৰ উপায়
ঋণৰ পৰা পৰিত্ৰাণ পাবলৈ পানত ফিটকেৰী আৰু সেন্দুৰ লগাওঁক আৰু পান পাতটো সূতাৰে বান্ধি দিয়ক। তাৰ পিছত বুধবাৰে পুৱা ইয়াক আঁহত গছৰ শিপাত হেঁচি সোমাই থওক। এনে কৰিলে অতি সোনকালে আপুনি ঋণৰ পৰা মুক্তি পাব। এই উপায়টো তিনিটা বুধবাৰে কৰক।
নেতিবাচকতা আঁতৰাবলৈ
লোকবিশ্বাস অনুসৰি ফিটকেৰী ঋণাত্মক শক্তি আঁতৰ কৰাত সহায়ক। ঘৰৰ বাথৰুমত এটা বাটিত ফিটকেৰী ৰাখি থওঁক আৰু ইয়াক বাথৰুমৰ এনেকুৱা স্থানত ৰাখক য’ত কোনোৱে দেখা নাপায়। এনে কৰিলে ঘৰৰ নেতিবাচক শক্তি আঁতৰ হ’ব।
বাস্তু দোষ দূৰ কৰিবলৈ
ঘৰৰ পৰা বাস্তু দোষ আঁতৰ কৰিবলৈ ঘৰৰ প্ৰতিটো কোঠাতে এটুকুৰা ফিটকেৰী ৰাখক। এনে কৰিলে ঘৰৰ বাস্তু দোষৰ ব্যক্তিৰ জীৱনত নপৰে। আৰু ঘৰৰ বাস্তু দোষ ঠিকে থাকে।
বেয়া দৃষ্টিৰ পৰা আঁতৰত ৰাখিব
কোৱা হয় যে ফিটকেৰীৰ ব্যৱহাৰ বেয়া দৃষ্টি আঁতৰাবলৈও কৰা হয়। ইয়াৰ বাবে যাৰ গাৰ পৰা কু-দৃষ্টি আঁতৰাব লাগে তাৰ মূৰৰ ওপৰেৰে ফিটকেৰীৰ টুকুৰা ৭ বাৰ ঘূৰাওক আৰু পিছত সেইটো জ্বলাই দিয়ক। কোৱা হয় যে ফিটকেৰী জ্বলাই দিলে দুষ্ট চকুৰ প্ৰভাৱ সম্পূৰ্ণৰূপে ধ্বংস হয়।
ভয়ানক সপোনৰ পৰা বাচিবলৈ
ৰাতি ভয়ানক সপোনৰ পৰা বাচিবলৈ ফিটকেৰী ক’লা কাপোৰত বান্ধি বিচনাৰ তলত ৰাখক। এনে কৰিলে ভয়ানক সপোন নাহিব। এইটো কেৱল মঙলবাৰে বা দেওবাৰেইহে মূৰৰ তলত ৰাখিব।
কাজিয়া শেষ কৰে
ঘৰত কাজিয়া সমাপ্ত কৰিবলৈ বা চাপ দূৰ কৰিবলৈ এটা মগত পানী ভৰাই নিজৰ বিচনাৰ তলত ৰাখি থওক আৰু নিশা তাত ফিটকেৰী ঢালি দিয়ক। পাছদিনা সেই পানীখিনি আঁহত গছত ঢালি দিয়ক। এনে কৰিলে ঘৰৰ সদস্যসকলৰ সম্পৰ্ক উন্নত হ’ব আৰু শান্তি অব্যাহত থাকিব।
Photo: Google
Discussion about this post