বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ (Sikha Sarma) বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) গৃহ সমষ্টি জালুকবাৰীৰ দদৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে। ভাৰতীয় জনতা যুৱ মৰ্চাৰ শুৱালকুছি মণ্ডলে শিখা শৰ্মাৰ (Sikha Sarma) বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) বিৰুদ্ধে অশালীন মন্তব্য কৰাৰ অভিযোগ তুলি বিতৰ্কিত লেখিকাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে জনতা যুৱ মৰ্চাই। এজাহাৰ দাখিল কৰি জনতা যুৱ মৰ্চাৰ সদস্যসকলে শিখা শৰ্মাক (Sikha Sarma) অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে।
উল্লেখ্য যে হিমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰে চলাই থকা উচ্ছেদ অভিযানক আৰম্ভণিৰ পৰাই বিৰোধিতা কৰি অহা লেখিকা শৰ্মাই (Sikha Sarma) মুখ্যমন্ত্ৰীৰ লগতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি আহিছে।
শিখা শৰ্মাই ফেচবুকত এইদৰে কৰিছিল পোষ্ট- “বাংলাদেশী বুলি মুছলমানক অত্যাচাৰ আৰু কিমান দিন”
গৰুখুটিৰ উচ্ছেদিত মানুহবোৰক পুনৰ সংস্থাপনত কিমান টকা খৰচ হ’ব মুখ্যমন্ত্ৰী ? কিয় ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰিলে আপুনি ? পদ্ম হাজৰিকাক মাটি দিবলৈ গৈ, কিয় ভাৰতীয় নাগৰিকৰ ওপৰত অমানুষিক অত্যাচাৰ চলালে আপুনি ? পদ্ম হাজৰিকা আৰু দুটামান মুছলমান নেতাৰ লাভৰ বাবে, গৰুখুটিৰ মুছলমানৰ ওপৰত অত্যাচাৰ কৰা হ’ল কিয়?গৰুখুটিৰ উচ্ছেদত হিমন্ত বিশ্ব শৰ্মা যিমান দায়ী, তাৰ সমানে দৰং জিলাৰ কেইজনমান উচ্চশিক্ষিত তথাকথিত মুছলমান নেতাও সমানে দায়ী ৷ হিমন্তৰ লগত মিলি দালালী কৰি আছে কিছুমান মুছলমানে ৷ ইহঁতক ৰাইজে চিনক ৷ এই মুছলমানকেইটাই সাপ হৈ খুটি বেজ হৈ জাৰি আছে কিন্তু ৷ নামবোৰ মই সময়ত ৰাজহুৱা কৰিম ৷ প্ৰমাণ সহকাৰে ৷
শিখা শৰ্মা
ইফালে ৬ ঘণ্টা পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰিছে আন এটা পোষ্ট। শিখা শৰ্মাৰ পোষ্ট-
পোষ্টটোৰ লিংক- https://www.facebook.com/sikha.sarma.359/posts/1799378846918973
“হিমন্তই ৰাজকোষ লুটি-পুতি খালে”
হিমন্ত বিশ্ব শৰ্মাই কালি লক্ষীমপুৰত মেডিকেল কলেজ উদ্ধোধন কৰিলে ৷ উদ্ধোধন কৰি দিয়া ভাষণত তেওঁ ক’লে, যে অসমৰ প্ৰতিখন জিলা সদৰত একোখনকৈ মেডিকেল কলেজ হ’ব ৷
হিমন্তৰ ভাষণ শুনিলে মানুহে ভাবিব যে বৰ বিকাশ কৰিছে হিমন্তই ৷ হয় হিমন্তই বিকাশ কৰিছে ৷ কি বিকাশ কৰিছে চাওঁচোন আহক ৷
হিমন্তই গাঁৱে ভূঞে হস্পিটেল বনাইছে। ডাক্তৰ নাই ৷ বকো সমষ্টিৰ সোনতলীত এখন 30 Beded Hospital পৰি আছে ৷ বিৰাট বিল্ডিং ৷ তলা বন্ধ ৷ ডাক্তৰ, নাৰ্চ নাই ৷ চিপাঝাৰ সমষ্টিৰ পশ্চিম ঢলপুৰত এখন বিৰাট হস্পিটেল বিল্ডিং পৰি আছে ৷ ডাক্তৰ নাৰ্চ নাই ৷ তলা বন্ধ ৷ নগাঁও জিলাৰ ধিং সমষ্টিৰ আৰিমাৰি চৰত, এখন 30 Beded Hospital পৰি আছে। ডাক্তৰ নাযায়। নাৰ্চো নাই ৷ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিৰ বাঘমাৰা চৰত এখন মডেল হস্পিটেল পৰি আছে ৷ বিৰাট বিল্ডিং ৷ ডাক্তৰ নাৰ্চ নাই ৷ এনেকৈ উদাহৰণ দি থাকিলে, সীমা সংখ্যা নোহোৱা হ’ব ৷
হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হোৱাৰ উপৰিও, PWD মিনিষ্টাৰো ৷ গতিকে যিমানে বনাব, সিমানে হিমন্তই ঠিকাদাৰৰ পৰা কমিচন পাব ৷ সকলোবোৰ চৰকাৰী অফিচ একেলগ কৰি, একেটা বাউণ্ডেৰীতে ৰখাৰ কথা কৈছে হিমন্তই ৷ অযুহাত দিছে পাবলিকৰ সুবিধাৰ ৷ পাবলিকৰ হেনো ঘূৰি ফুৰিবলৈ অসুবিধা ৷ গতিকে একেটা কমপ্লেক্সতে সকলোবোৰ অফিচ হ’লে, ৰাইজৰ সুবিধা হ’ব ৷
হিমন্তই ঠিকেই কৈছে ৷ ৰাইজৰ ঘৰৰ পদূলিয়ে পদূলিয়ে অফিছবোৰ আনি পাতি দিলে, ৰাইজৰ আৰু সুবিধা হ’ব ৷ কিন্তু সেইবুলি ৰাইজৰ ৰাজকোষৰ টকাবোৰ, কেৱল নিৰ্মাণ কাৰ্য্যতে খৰছ কৰিব লাগেনে ? কেৱল বিল্ডিং বনাই, হস্পিটেলৰ Equipment কিনি টকাবোৰ হোৰাহোৰে খৰছ কৰি থাকিলে, অসমৰ আনবোৰ কাম কেনেকৈ হ’ব ?
হেলিকপ্টাৰ এখন হ’লে বৰ সুবিধা হয় ৷ সেইবুলি সকলো ধনী মানুহে হেলিকপ্টাৰ কিনে জানো ? লাগেতেতো বহুতেই কিবাকিবি লাগে ৷ কিন্তু কোনটো বেছি দৰকাৰী, তাক চাব নালাগে জানো ? ভঙা-পতা কৰি চৰকাৰী টকাবোৰ অপচয় কৰাতকৈ, জীৱিকা নথকা মানুহবোৰক সংস্থাপন দিয়াতোহে বেছি জৰুৰী ৷ থকা অফিছবোৰতে কাম চলাব নোৱাৰি জানো ? মিছামিছি টকাৰ অপব্যৱহাৰ কিয় ?
হস্পিটেল পতাত হিমন্তৰ ইমান Interest কিয় ?
হিমন্তই মানুহক ডাক্তৰ, ইঞ্জিনিয়াৰ হোৱাৰ লোভ দেখুৱাই দিছে। মেডিকেল কলেজ যিমানে বনাব, সিমানে MBBS ৰ চিট বাঢ়িব ৷ ৰাইজে নিজৰ ল’ৰা-ছোৱালী ডাক্তৰ হোৱাৰ আশাত হিমন্তক বাহ বাহ দিব ৷ পিছে ডাক্তৰ হৈ কি কৰিব ? কিমান ডাক্তৰক চাকৰি দিছে হিমন্তই ? লিষ্টখন দিব পাৰিবনে ?
যোৱা ২০ বছৰ হিমন্ত চৰকাৰত আছে ৷ কংগ্ৰেছ, বিজেপি দুয়োখন চৰকাৰতে হিমন্তই দখলদাৰী মন্ত্ৰীত্ব লাভ কৰি আহিছে ৷ ১৫ বছৰৰ স্বাস্থ্যমন্ত্ৰী হিমন্তই, কিমান হস্পিটেলৰ বিল্ডিং বনালে সেয়া আমি সকলোৱে জানো ৷ তথাপিও অসমত বিশেষকৈ গুৱাহাটীত, সাধাৰণ জ্বৰ হ’লেও আয়ূৰচন্দ্ৰা, GNRC, নাৰায়ণা, এক্সেল কেয়াৰ, ডাউন টাউন, প্ৰতীক্ষা আদি প্ৰাইভেট হস্পিটেললৈ যাব লগা হয় কিয় ? সাধাৰণ পানী লগা জ্বৰত, প্ৰাইভেট হস্পিটেলত ৩/৪ লাখ টকাৰ বিল দিব লগা হয় কিয় ? কিয় অসমত এখনো চৰকাৰী হস্পিটেললৈ, আমাৰ দৰে মানুহবোৰ যাব নোৱাৰে ? কিয় অসমৰ চৰকাৰী হস্পিটেলবোৰত ডাক্তৰ নাথাকে ? মেডিকেল কলেজ আৰু চিভিল হস্পিটেলবোৰত, বিশেষজ্ঞ ডাক্তৰবোৰে ৰোগীক নাচায় কিয় ? কিয় ইনটাৰ্ণবোৰৰ হাতত এৰি দিয়ে ৰোগীক ? কিয় চৰকাৰী হস্পিটেলৰ ডাক্তৰক ভৰিত ধৰিলেও ৰোগী চাবলৈ নাহি, একো নজনা, কালি পাছ কৰা জুনিয়ৰ এজনলৈ এৰি দিয়ে ?
সেই বাবেইতো মানুহ প্ৰাইভেট হস্পিটেললৈ যাবলৈ বাধ্য হয় ৷ যদি প্ৰাইভেটলৈ যাবই লাগে, তেন্তে ৰাজকোষৰ ইমান কোটি কোটি টকা খৰছ কৰি হিমন্তই মেডিকেল কলেজ স্থাপন কৰিছে কিয় ?
কিয়, মই কওঁ শুনক ৰাইজ ৷
হিমন্তই ৰাইজৰ কাৰণে একো কৰা নাই ৷ যি কৰিছে, নিজৰ লাভৰ বাবে কৰিছে। মেডিকেল কলেজ যিমানে বনাব, সিমানে ঠিকাদাৰৰ পৰা কমিচন পাব ৷ যিমান বিল্ডিং, সিমান ঠিকা ৷ যিমান ডাঙৰ ঠিকা, সিমান শকত PWD মিনিষ্টাৰৰ কমিচন ৷ আৰু PWD মিনিষ্টাৰ কোন ? হিমন্ত বিশ্ব শৰ্মা ৷
ৰাইজ, কথাবোৰ ভাবক ৷
গোটেই অসমৰ জিলাবোৰৰ সকলো চৰকাৰী অফিছ, নতুনকৈ জিলা উপায়ুক্তৰ অফিছৰ লগত লগ লগাই দিবলৈ হ’লে, কি লোকচান হ’ব ৰাইজৰ আৰু কি লাভ হ’ব হিমন্তৰ ?
হিমন্তৰ লাভ—
১/ উপায়ুক্তৰ অফিছ কেম্পাছ ডাঙৰ কৰিব লাগিব ৷ গতিকে উপায়ুক্তৰ অফিছ আকৌ নতুনকৈ বনাব লাগিব ৷
২/ নিবিদা প্ৰক্ৰিয়া আৰম্ভ ৷
৩/ ঠিকাদাৰক ঠিকা দিব ৷
৪/ হিমন্তই ইমান বুদ্ধিৰে ডাঙৰ কাম এটা উলিয়াই দিয়াৰ বাবে, দাদা হিমন্তক ঠিকাদাৰবোৰে শকত ধনৰ টোপোলাৰ কমিচন দিব ৷ 60/40পাৰ্চেণ্টেজ ৷
যিমানটা DC অফিছ হ’ব, সিমানটা শকত শকত কমিচন ৷ সেই ফালৰ পৰা হিমন্তলৈ অতিকমেও ৫০০ কোটিৰ কমিচন আহিব ৷
তাৰপাছত আহিল আনবোৰ অফিছ উঠাই অনাৰ প্ৰক্ৰিয়া ৷ আনবোৰ অফিচ উঠাই আনিবলৈ প্ৰয়োজন হোৱা গাড়ী, মটৰ, লেবাৰ আদিৰ নামতো মোটামোটি ৫০ কোটিৰ কমিচন এটা ধৰি থওক ৷ হৈ গ’লনে 550 কোটি ?
এতিয়া আহিল পুৰণা অফিছবোৰ ভঙা কাম ৷ ভাঙিবলৈয়ো চৰকাৰী নিবিদা ৷ ভঙাৰ কাম পোৱা ঠিকাদাৰেও হিমন্তক দিলে কমিচনৰ নামত ১০০ কোটি এটা ৷ নহ’লে হিমন্তই ঠিকা নিদিব। কাৰণ PWD মিনিষ্টাৰ হিমন্ত ৷ হৈ গ’লনে 650 কোটি টকা ?
এতিয়া আহোঁ সা-সামগ্ৰীলৈ ৷ প্ৰতিখন জিলাৰ মেডিকেল কলেজৰ সা-সামগ্ৰীৰ নামত কমিচন, কমেও ১০০ কোটি মাৰিব হিমন্তই ৷ অসমৰ বাহিৰৰ পৰা সামগ্ৰী আনিব ৷ গতিকে পাই কোনে ? ১০০ টকাৰ বিচনা চাদৰ ৫০০ টকাত কিনিব ৷ আনবোৰ ডাঙৰ ডাঙৰ মেডিকেল Equipment আছেই ৷ সেই ফালৰ পৰাও আহিল ১০০ কোটি মান ৷ এতিয়া হৈ গ’ল 750 কোটি টকা ৷
সকলো জিলাত মেডিকেল কলেজ বনোৱাৰ নামত ২০০ কোটি কমিচন ধৰি থওক ৷ মুঠ হৈ গ’ল 850 কোটি ৷ গোটেই অসমত ষ্টেডিয়াম, দলং, ফ্লাই অভাৰ, অভাৰব্ৰীজ আদি বনোৱাক নামত, ৫০০ কোটি কমিচনতো ল’বই ল’ব হিমন্তই ৷
অসমৰ আন সকলোবোৰ বিল্ডিং ভঙা-সজা বাদ দি, এইখিনিলৈকে বনালেই হিমন্তই চহীটো মাৰিয়েই ঘটিব 1350 কোটি টকা ৷
হিমন্তই এতিয়া হেলিকপ্টাৰত অসম ঘূৰি-পকি জেগাবোৰ, Stadium বোৰ চাই ফুৰিছে ৷ ক’ত দলং বনাব পাৰি, ক’ত Stadium বনাব পাৰি, এইবোৰ হিচাপ কৰি ফুৰিছে হিমন্তই ৷ বনালেহে কমিচন পাব ৷ টকা মাৰিব পাৰিব।
ভাবি চাওক ৰাইজ ৷
ৰাইজৰ কি লোকচান হ’ব ?
১/ ৰাইজৰ ৰাজকোষটো এইবোৰ নিৰ্মাণ কৰোতে কৰোতে উদং হৈ পৰিব ৷
২/ উদং ৰাজকোষ পুৰাবলৈ, ৰাইজে আকৌ বিভিন্ন টেক্স দিব লাগিব ৷
৩/ ৰাজকোষ পুৰাবলৈ চৰকাৰে বস্তুৰ দাম বঢ়াব ৷
৪/ চৰকাৰী শিক্ষানুষ্ঠানলৈ অনুদান কমাই দিব ৷ ফলত কলেজ বিশ্ববিদ্যালয়ৰ ফিজ বাঢ়িব ৷
৫/ উদ্যোগ গঢ়িব নোৱাৰিব ৷ উদ্যোগ নহ’লে নিবনুৱাৰ সংস্থাপন নহ’ব ৷
৬/ চৰকাৰী চাকৰি দুই এটা দিলেও, দৰমহা দিব নোৱাৰি জলপানীহে দিব ৷ যেনেকৈ টিউটৰসকলক ১০ হেজাৰ টকাৰ জলপানী দিছে ৷
৭/ মেডিকেল পাছ কৰি ঢেৰ ডাক্তৰ ওলাব ৷ কিন্তু অসম চৰকাৰৰ চাকৰি নাপায় ৷ NHM ৰ Under ত হে ডাক্তৰ চাকৰি পাব ৷ ডাক্তৰবোৰ হস্পিটেলবোৰতে বহিব ৷ একেবোৰ কামেই কৰিব ৷ পিছে APSC ৰ জড়িয়তে নহয়, NHM ৰ দৰমহাৰেহে ডাক্তৰী চাকৰি কৰিব ৷ আৰু NHM ৰ ডাক্তৰী চাকৰিৰ দৰমহা প্ৰায় 35000 হে ৷ তাকো Fix pay. অসম চৰকাৰৰ চতুৰ্থ শ্ৰেণীৰ পুৰণা চাকৰিয়ালতকৈয়ো কম ৷
এই ভিতৰুৱা কথাবোৰ কিমানে জানে ? একো নাজানে ৷ মাইকত দুটামান লেকচাৰ মাৰি দিব হিমন্তই ৷ ৰাইজে তালি বজাই বজাই ঘৰত আহি টেক্স দিব ৷ ৰাইজৰ টকাৰে হিমন্ত ডলাৰপতি হ’ব ৷ ৰাইজ ভিকহু হ’ব ৷ হিমন্তৰ সন্তানৰ ভৱিষ্যত নিৰাপদ হ’ব আৰু ৰাইজৰ সন্তানে চিন্তাত দ্ৰাগছ খাব ৷ টকা ঘটাৰ উপায় নেদেখি চেইন টানিব, চুৰ কৰিব, হতাশাত খাব ৷ ঘৰখনত অশান্তি হ’ব ৷
কভিদ হস্পিটেলবোৰ বনাই কিমান টকা খালে হিমন্তই, ৰাইজে হিচাপ ৰাখিছেনে ?
ৰাইজ সজাগ নহয় বাবেই, আজি ২০ বছৰে হিমন্তই অসমৰ টকা খাই গেৰেলা হ’ব পাৰিলে ৷ এতিয়া আৰু ভালটোৰ হাততে টকাৰ ভাণ্ডাৰটো পৰিল ৷ ৰাজকোষটো দেখি মূৰে কাম নকৰা হৈছে হিমন্তৰ—-
“ আও ! ইমানবোৰ টকা !”
গতিকেই বুদ্ধি পাতিছে হিমন্তই–
“ভাঙ, সাজ আৰু কমিচন ল”
কিয় উদ্যোগ নাপাতে হিমন্তই ?
ক) চৰকাৰী মেডিকেল কলেজ বিল্ডিং বনোৱা হিমন্তৰ ৰাজ্যত, প্ৰাইভেট হস্পিটেলৰ ইমান লুটপাত কিয় ?
খ) ইমান মেডিকেল কলেজ বনোৱা অসমত, হাজাৰ হাজাৰ মানুহ, দৈনিক অসমৰ বাহিৰলৈ চিকিৎসাৰ বাবে গৈ সৰ্বশ্ৰান্ত হ’ব লগা হৈ আছে কিয় ?
গ) চৰকাৰী মেডিকেল কলেজ কেৱল BPL ৰ বাবেহে উপযুক্ত কিয় ? মধ্যবিত্তৰ বাবে উপযুক্ত কিয় নহয় ?মধ্যবিত্তই মাটি বেচি, লোণ লৈ, গহনা বেচি প্ৰাইভেট হস্পিটেলত চিকিৎসা কৰাব লগীয়া হয় কিয় ?
ঘ) চৰকাৰী হস্পিটেলৰ স্বাস্থ্য পৰীক্ষাৰ ডাঙৰ ডাঙৰ মেচিনবোৰ, সদায় বিকল হৈ থাকে কিয় ? সেইবোৰ চলাবলৈ উপযুক্ত অপাৰেটৰৰ নিযুক্তি নিদিয়ে কিয় ?
ৰাইজ, কথাবোৰ চিন্তা কৰক ৷ অসমত মেডিকেল কলেজ হৈছে, কিন্তু চিকিৎসা উন্নত হোৱা নাই। মেডিকেল পঢ়িছে, কিন্তু উপযুক্ত ডাক্তৰৰ অভাৱ।
এইবোৰ কথাত বিৰোধীয়ে আপত্তি কৰিব লাগিছিল। কিন্তু কৰা নাই।
টকা ৰাইজৰ ৷ কমিচন খাইছে হিমন্তই ৷ আৰু মাটি বেচি চিকিৎসা কৰা ৰাইজে, হিমন্তৰ কথা শুনি সুখৰ আশাত টোপনি গৈছে ৷ ৰাইজ শুই থাকক ৷ হিমন্তক ৰাজকোষ লুটিবলৈ সুবিধা কৰি দি, আপোনালোক টোপনি যাওক ৷
তথাপিও ক’ম—
পাবলিক জিন্দাবাদ
শিখা শৰ্মা
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-how-to-lose-face-fat-tips/6895/
Discussion about this post