নগাঁও চহৰৰ সমীপৰ ৩৬নং আৰু ৩৭নং সংযোগী চাৰিলেনযুক্ত বৰঘাট বাইপাছত শেহতীয়াভাৱে এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে। পথচাৰীৰ লগতে দুৰণিবটীয়া যাত্ৰীসকল এক দুৰ্গন্ধময় পৰিৱেশৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হৈছে।
বৰঘাট বাইপাছৰ পথৰ দাঁতিৰ মুকলি ঠাইত পৰি থকা জাবৰ-জোথৰ আৰু গেলা-পচা আৱৰ্জনাই এই পৰিৱেশৰ সৃষ্টি কৰিছে। বৰঘাট অঞ্চলৰ একাংশ সচেতন ৰাইজে অভিযোগ কৰা অনুসৰি, নগাঁও পৌৰ সভাই নগাঁও চহৰৰ বিভিন্ন অঞ্চলৰ জাবৰ-জোথৰ আৰু গেলা-পচা আৱৰ্জনা ট্ৰাকেৰে নি বৰঘাট বাইপাছৰ পথৰ দাঁতিৰ মুকলি ঠাইত পেলাই দিয়ে।
ফলত এলেকাটোত দুৰ্গন্ধময় পৰিৱেশ গঢ়ি উঠিছে। ফলত বাইপাছেৰে অহা যোৱা কৰা লোকসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। সমান্তৰালভাৱে এলেকাটো বায়ু প্ৰদূষিত হৈছে। উল্লেখ্য, নগাঁও বৰঘাট বাইপাছ অসমৰ প্ৰায় সকলো লোকৰ পৰিচিত স্থান।
উজনি নামনি, উত্তৰ অসম, পাহাৰীয়া দুই জিলা, অৰুণাচল, নাগালেণ্ড আদিলৈ যান-বাহন এই বৰঘাট বাইপাছেৰে অহা-যোৱা কৰে। তদুপৰি বৰঘাট বাইপাছত গঢ় লৈ উঠা ধাবা ৰেষ্টুৰেণ্টত বিভিন্নজনে এক সুন্দৰ পৰিৱেশত আহাৰ গ্ৰহণ কৰি অনাবিল আনন্দ উপভোগ কৰে।
এক বৃহৎ মুকলি এলেকা সামৰি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ এই বাইপাছ প্ৰকৃতি প্ৰেমীসকলৰ মাজতো জনপ্ৰিয়। এই বাইপাছৰ দুয়ো কাষে থকা গছ-গছনি, কৃষি পথাৰ, জলাশয়ত বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি বিৰাজমান।
আজি কিছুদিনৰ পৰা বাইপাছটোৰ গছ-গছনিলৈ বগলী, হাড়গিলা, বৰটোকোলা আদি বিৰল প্ৰজাতিৰ পক্ষীৰ লগতে থলুৱা পক্ষীৰো আগমন ঘটিছে। মাজে সময়ে পৰিভ্ৰমী পক্ষীৰো আগমন ঘটে ইয়ালৈ।
প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপ উপভোগ কৰিবলৈ পৰিয়ালসহ ইয়ালৈ বহু লোক আহে। তদুপৰি উজনি নামনিৰ যাত্ৰীসকলেও গাড়ী ৰখাই চৰাই চিৰিকটিৰ নান্দনিক দৃশ্য উপভোগ কৰে। আনকি বিদেশী পৰ্যটকেও উপভোগ কৰে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য।
সম্প্ৰতি জাবৰ- জোথৰ পেলোৱাৰ বাবেই এই বিনন্দীয়া পৰিৱেশ নষ্ট হ’বলৈ ধৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কেনেকৈ এনেদৰে জাবৰ পেলাবলৈ সুবিধা লাভ কৰিলে তাক লৈ সচেতন মহলৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।
ৰাইজৰ মাজত হোৱা এই চৰ্চাৰ বাবেই নগাঁও পৌৰ সভাই এলেকাটোত দুদিনমান ধৰি জাবৰ-জোথৰ পেলোৱা নাই। ভবিষ্যতেও নগাঁও পৌৰ সভাই এলেকাটোত জাবৰ-জোথৰ নেপেলাই বুলি জানিবলৈ দিয়ে। ইতিমধ্যে পেলাই থোৱা জাবৰ-জোথৰ সমূহ শীঘ্ৰে আঁতৰ কৰি এলেকাটোৰ পৰিৱেশ পূৰ্বৰ দৰে গঢ়ি তুলিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক ৰাইজে আহবান জনাইছে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post