মঙলবাৰে মুম্বাই-পুণে এক্সপ্ৰেছৱে’ৰ (Mumbai-Pune Expressway) সমীপৰ ভোৰ ঘাটত (Bhor Ghat) এখন দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই (Speeding Truck Lost Control) এখন বাহনত পিছফালৰ পৰা খুন্দা মাৰে। দুৰ্ঘটনাটোৰ ফলত ঘটনাস্থলীতে ৪ গৰাকী লোকে প্ৰাণ হেৰুৱাই (Four People Were Killed) আৰু গুৰুতৰভাৱে আহত (Seven Others Sustained Injuries) হয় ৭ গৰাকী লোক। ট্ৰাকখনে লেহেমীয়া গতিত পথত আৱদ্ধ হৈ থকা কেইবাখনো বাহনক মাৰে খুন্দা, যাৰ ফলত ৰায়গড়ৰ (Raighar) খোপোলীত ৪খন বাহন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় পৰি থাকে।
ANI ৰিপৰ্ট অনুসৰি, পথ দুৰ্ঘটনাটোত প্ৰায় ৭ গৰাকী লোক আহত হয়, ইয়াৰে ৪ গৰাকী লোক গুৰুতৰভাৱে আহত হয় আৰু বাকী কেইজন সামান্যভাবে আঘাতপ্ৰাপ্ত হয়।
ৰায়গড়ৰ খোপোলীত মুম্বাই-পুণে এক্সপ্ৰেছৱে’ত (Mumbai-Pune Expressway) আজি পুৱা ৬.৩০ বজাত এখন দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই (Horrific Road Accident) আৰু লেহেমীয়া গতিৰে ৰাজপথত আৱদ্ধ হৈ থকা বাহনক খুন্দা মৰাৰ ফলত ৪ গৰাকী লোকে প্ৰাণ হেৰুৱাই। ৭ গৰাকী লোক আহত হয়, ইয়াৰে ৪ গৰাকী লোকক হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে, এই কথা এক্সপ্ৰেছৱে আৰক্ষীয়ে ANIক জনায়।
আৰক্ষীয়ে TOIক জনাই যে মৃত লোকসকলৰ পৰিচয় গৌৰৱ খৰাট (৩৬), সৌৰভ টুলছে (৩২), সিদ্ধাৰ্থ ৰাজগুৰু (৩১) আৰু আনজন লোকৰ পৰিচয় বৰ্তমানলৈ উলিয়াব পৰা হোৱা নাই। মৃত লোককেইজনে নিজৰ মাৰুতি ছুইফ্ট বাহনেৰে মুম্বাইলৈ গৈ আছিল।
আহতসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে
খোপোলী আৰক্ষী থানাৰ জ্যেষ্ঠ আৰক্ষী বিষয়া TOIক জনাই যে- এখন বাহনত যাত্ৰা কৰা ৩ গৰাকী লোকক আইআৰবি এম্বুলেঞ্চত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। এখন টেম্প’ত থকা অন্য আহতসকলক চিকিৎসাৰ বাবে খোপোলী নাগৰিক হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
TOIৰ ৰিপৰ্ট অনুসৰি, ভোৰ ঘাটত যান-জঁট হৈছিল কাৰণ এখন ট্ৰাকৰ টায়াৰ বেয়া হোৱাৰ পিছত প্ৰথমটো লেনত থিয় কৰাই দিয়া হৈছিল। যাৰ ফলত মুম্বাই মাৰ্গত ৫ কিঃমিঃলৈ যান-জঁট হৈছিল।
Photo: Google
Discussion about this post