৭ ফেব্ৰুৱাৰীত বৰপেটাৰ (Barpeta) বৰবিলাত আবেলি ৪.৩০ বজাত ভয়াৱহ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। তীব্ৰবেগী চাৰিচকীয়া বাহনে খুন্দিয়াই ই-ৰিক্সাক। দুৰ্ঘটনাটোত একেলগে প্ৰাণ হেৰুৱাই মাতৃ-কন্যাই। বিয়ালৈ বুলি গৈ আৰু ঘুৰি আহিব নোৱাৰিলে দুয়ো মাতৃ-কন্যাই (Mother And Daughter Died)।
ই ৰিক্সাখনক খুন্দিওৱা চাৰিচকীয়া বাহনখনৰ নম্বৰটো হৈছে এ এছ ০১ ই জি ৫৮৭৯ । দুৰ্ঘটনাটোত আহত ৩গৰাকী। আহত সকলৰ ভিতৰত শিশুও আছে। বৰপেটাৰ পৰা চেঙামূখী ই-ৰিক্সাখনত খুন্দিওৱাৰ ফলত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো।
বৰবিলাস্থিত পখলা গোহাঁই মন্দিৰৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনাটো। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা। মৃত্যু মুখত পৰা মাতৃ-কন্যা দুগৰাকীক জামিৰা নেছা আৰু মহিমা পাৰবীন বুলি চিনাক্ত কৰা হৈছে।
আনহাতে ভনীয়েক ৰুমী পাৰবীনক সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনা সংঘটিত কৰা বাহনখন আৰক্ষীয়ে জব্দ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
Photo & Input: ৰবিউল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/two-royal-bengal-tiger-cubs-born-in-assam-zoo/6600/
Discussion about this post