সৰস্বতী পূজাৰ (Saraswati Puja) দিনাই মুকালমুৱাত (Mukalmua) অঘটন। পূজা কৰিবলৈ গৈ মুকালমুৱাৰ বামুণবড়ীত শোকৱহ পথ (Tragic Road Accident) দুৰ্ঘটনাৰ সন্মুখীন ছাত্ৰ। থিতাতে নিহত এজন আৰু আহত দুগৰাকী ছাত্ৰ। বামুণবড়ী শ্বহীদ সোৱৰণি মহাবিদ্যালয়লৈ সৰস্বতী পূজাৰ বাবে গৈ থকা অৱস্থাত হাজো দৌলাশাল পথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।
তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত (Spot Death One Student) হয় সত্যজিত নাথ নামৰ ছাত্রজন। আহত দুই ছাত্র ৰাহুল নাথ আৰু চম্পক নাথক GMCHলৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত পতিত ডাম্পাৰ খনৰ নম্বৰ AS 26 C 5175 আৰু বাইকৰ নম্বৰ AS 14E 8468, তিনিও গৰাকী ছাত্রৰ ঘৰ মুকালমুৱা থানাৰ অন্তৰ্গত ঘৰুৱাবাহাত।
নিহত সত্যজিত নাথ স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্র আৰু আহত দুজন হাইস্কুলৰ ছাত্র আছিল। ডাম্পাৰৰ দৌৰাত্মৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱাত ক্ষোভিত একাংশ লোকে পথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে যদিও দৌলাশাল আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। দুৰ্ঘটনাত পতিত ডাম্পাৰখন দৌলাশাল আৰক্ষীয়ে কৰায়ত্ত কৰে।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/road-accident-at-laluk-2-bike-riders-died-in-assam/6533/
Discussion about this post