বিয়া খাবলৈ যোৱাৰ পথত পথ দুৰ্ঘটনা (Road Accident)। তামুলপুৰত (Tamulpur) ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। তামুলপুৰ জিলা সদৰৰ তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰি পথৰ সৌৰাগুৰিত সংঘটিত হয় পথ দুৰ্ঘটনাটো (Road Accident)৷
পথ দুৰ্ঘটনাত তামুলপুৰ (Tamulpur) অভিমুখে আহি থকাহ ৱেগনাৰ বাহন (AS-01-BB-0708) খন পথাৰৰ দ’ খাৱৈত সোমাই যায় ৷ কথমপি প্ৰাণৰক্ষা যাত্ৰী তিনিজনৰ। গুৰুতৰভাৱে আহত একেটা পৰিয়ালৰ তিনিগৰাকী লোক৷
ওদালগুৰিৰ পৰা বৰপেটালৈ বিয়া খাবলৈ গৈ আছিল পৰিয়ালটো ৷ পৰিয়ালটোৰ ঘৰ ওদালগুৰিৰ (Udalguri) ৰাখালপথত। আহত (Injured) কেইজনৰ নাম ক্ৰমে নিখিল ৰঞ্জন ওজা (৫৫) জোনালী ওজা( ৪৫) আৰু জ্ঞানদ্বীপ ওজা (১২)।
তামুলপুৰ প্ৰাথমিক চিকিৎসাকেন্দ্ৰত চিকিৎসা প্ৰদান আটাইকেইজনকে ৷ উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ (GMCH) প্ৰেৰণ গুৰুতৰভাৱে আহত তিনিওজনক।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/2-powerful-ied-recover-at-nagaon-in-assam/6502/
Discussion about this post