বিলাসীপাৰাৰ (Bilasipara) টিলাপাৰাত এজন যুৱকৰ চিপ লৈ আত্মহত্যা (Commit Suicide)। নিজা বাসভৱনত আত্মহত্যা কৰে যুৱকজনে। ঘটনাটো সংঘটিত হয় বুধবাৰে নিশা প্ৰায় ১০ বজাত। মৃত যুৱকজন শালকোচা আৰক্ষী (Salkocha Police) চকীৰ অন্তৰ্গত কামাৰডিহি প্ৰথম খণ্ড গাঁৱৰ আজিজুৰ ৰহমানৰ পুত্ৰ মিনহাজ আলী (১৬ বছৰ) বুলি জানিব পৰা গৈছে।
মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় (Dhubri Civil Hospital) লৈ প্ৰেৰণ মৃতদেহ। আত্মহত্যাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই। ঘটনাস্থলীত শালকোচা আৰক্ষী চকীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে |
Photo & Input: আতোৱাৰ ৰহমান
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/lifestyle-do-not-eat-these-things-with-beer/6495/
Discussion about this post