আকৌ ৰাজ্যত হৈছে বোৱাৰী হত্যাকাণ্ড (Buwari Murder)। এই ঘটনা সংঘটিত হৈছে ধুবুৰী (Dhubri) জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত বালাজানত। যৌতুকৰ (Dowry Case) বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি পৰিয়ালৰ লোকৰ অভিযোগ উত্থাপন।
মোমায়েকৰ ল’ৰাৰ লগত পেহীয়েকৰ ছোৱালীৰ মাজত হৈছিল গভীৰ প্ৰেম (Love Case)। সুখৰ সংসাৰ গঢ়িম বুলি আজিৰ পৰা সাতমাহ পূৰ্বে গোলকগঞ্জৰ (Golakganj) আগমনী থানাৰ অন্তৰ্গত বেলগুৰি প্ৰথম খণ্ডৰ মোমায়েকৰ ছোৱালী জোনমণি বেগমে বালাজানৰ এন্তাজুল হক নামৰ পেহীয়েকৰ ল’ৰাৰ হাত ধৰি ওলাই গৈছিল। বিয়া পাতি সিহঁতৰ প্ৰেমক বাস্তৱত পৰিণত কৰিছিল।
এন্তাজুলৰ হাত ধৰি ওলাই যোৱাৰ পিছৰ পৰাই নিজৰ ঘৰৰ লগত কোনোধৰণৰ যোগাযোগ বা অহা যোৱা নাছিল দুৰ্ভগীয়া জোনমনি বেগমৰ। ঘৰৰ পৰা ওলাই যোৱাৰ প্ৰায় ৮ মাহ পিছতহে পিতৃগৃহলৈ আহিল জোনমনি। কিন্তু আহিল এম্বুলেঞ্চেৰে। জোনমনিৰ নশ্বৰ দেহ।।
পৰিয়ালৰ লোকে জনোৱামতে স্বামী এন্তাজুলৰ ককায়েক আজিজুলৰ লগত মঙলবাৰে সন্ধিয়াৰ ভাগত কাজিয়া লাগিছিল। আজিজুৰে ভাই বোৱাৰী জোনমনিক মাৰধৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে জোনমনিৰ পৰিয়াল লোকে।
ৰাতি ২ বজাত জোনমনিৰ মৃত্যু হোৱা বুলি ফোন আহে। খবৰ পোৱা মাত্ৰেই জোনমনিৰ পৰিয়ালৰ লোকে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ গৈ জোনমনিৰ মৃতদেহ প্ৰত্যক্ষ কৰে। যৌতুকৰ বাবেও অত্যাচাৰ চলাইছিল বুলি জোনমনিৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য জোনমনিৰ স্বামী এন্তাজুল বহিঃৰাজ্যত কৰ্মৰত।
Photo & Input: Firoz Alom
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/horrific-road-accident-one-girl-died-at-mangaldoi/6466/
Discussion about this post