লালুকৰ (Laluk) নাদিকা-কাহিপৰাৰ দুই যুৱকৰ পাহাৰ খহি কৰুণ মৃত্যু (2 Youth Death) অৰুণাচলত (Arunachal)। অকাল মৃত্যুত আকোঁৱালি লোৱা যুৱক দুজন হৈছে নুৰজামাল হক আৰু আছাদুল ইছলাম।
জানিব পৰা অনুসৰি কৰ্ম সূত্রে অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh)বাছাৰ নামৰ এখন ঠাইত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আছিল এই দুই যুৱকে।
মৃত্যুৰ খবৰ পাই শোঁকত ভাগি পৰিছে পৰিয়াল তথা অঞ্চলবাসী। দুই যুৱকৰ অকাল মৃত্যু কোনোপধ্যেই মানি ল’ব পৰা নাই পৰিয়াল বৰ্গই। সন্ধিয়াৰ ভাগত মৃতদেহ লৈ ঘৰ আহি উপস্থিত হ’ব পৰিয়ালৰ লোকে ৷ বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত অৰুণাচল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
Photo & Input: ইছৰাকুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/today-chief-minister-himanta-biswa-sarma-bitrhday-in-assam/6404/
Discussion about this post