মুকালমুৱাৰ (Mukalmua) ঘৰুৱাবাহাত এগৰাকী ছাত্ৰীৰ ৰহস্যজনক আত্মহত্যাৰ (Girl Student Suicide) ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। ঘৰুৱাবাহাৰ লিয়াকত আলীৰ কন্যা হালিমা বেগম নামৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে নিজ গৃহতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ।
প্ৰাপ্ত তথ্যমতে পিতৃ-মাতৃ ঘৰত নথকা অৱস্থাত ডিঙিত চিপ লৈ থকা অৱস্থাত ছাত্ৰীগৰাকীৰ (Girl Student Suicide) মৃতদেহ উদ্ধাৰ হয়। পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰে। ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।
ইতিমধ্যে মুকালমুৱা আৰক্ষীয়ে (Mukalmua Police) কিশোৰী ছাত্ৰীগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ ৰহস্যজনক আত্মহত্যাৰ খবৰে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ কাৰণ আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।
Photo & Input: Khatang Khobor
Discussion about this post