এসময়ত অসমক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ এতিয়া আৰ্থিক অনাটনৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। জীৱিকা নিৰ্বাহৰ বাবে এতিয়া ব্ৰয়লাৰ বিক্ৰী কৰিবলগীয়া হৈছে। এসময়ত ক্ৰীড়া সংগঠক, ক্ৰীড়া প্ৰেমীৰ অতি আদৰৰ হৈ পৰা কলিয়াবৰৰ কুন্তী দীগালে এতিয়া এমুঠি অন্নৰ বাবে ব্ৰয়লাৰ মাংস বিক্ৰী কৰিবলগীয়া অৱস্থা হৈ পৰিছে।
খেল-পথাৰ ত্যাগ কৰাৰ পিছতেই কুন্তীৰ জীৱনলৈ নামি আহে অমানিশা। দুভৰিৰে ফুটবল নচুৱাবলৈ এৰি এতিয়া হাতেৰে মেচিদা নচুৱাই কুন্তী দীগালে। এসময়ত ‘হাৰী আপ’ বুলি চিঞৰা কুন্তীক এতিয়া মানুহে প্ৰশ্ন কৰে ‘কেজিত কিমান দাম?’।
বহুবাৰ অসমৰ মহিলা ফুটবল দলক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অর্জন কৰা, ফুটবলৰ যাদুকৰী ক্ৰীড়া শৈলীৰে সকলোৰে আপোন হৈ পৰা কুন্তীয়ে এতিয়া হাতত তুলি লৈছে মাংস কটা দা। সাতবাৰকৈ অসম দলক প্ৰতিনিধিত্ব কৰি দুভৰিৰ যাদুৰে বিপক্ষৰ বেহু ভেদ কৰি কেইবাটাও গল দি অসমক স্মৰণীয় বিজয়ৰ সোৱাদ দিয়া খেলুৱৈগৰাকীয়ে আৰ্থিক দৈন্যতাৰ বাবে পৰিয়াল পোহপাল দিবলৈ বিক্ৰী কৰিব লগীয়া হৈছে ব্ৰয়লাৰ মাংস।
নগাঁৱৰ কলিয়াবৰৰ শাকমুঠিয়া চাহ-বাগিচাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত ফুটবলক প্ৰতিনিধিত্ব কৰা চাহ জনগোষ্ঠীৰ খেলুৱৈ কুন্তী দীগালে ২০০১ চনৰ পৰা ৭ বাৰকৈ অসমক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৭ চনত সপ্তম মান শ্ৰেণীত পঢ়ি থকা অৱস্থাত হকীৰ অনুশীলনত নমা খেলুৱৈগৰাকীয়ে উত্তৰ-পূবৰ হৈ প্ৰথম হকী খেলত অংশগ্ৰহণ কৰে। ফুটবলৰ প্ৰতি অধিক আকৃষ্ট হোৱাৰ বাবে ১৯৯৯ চনত ফুটবলৰ অনুশীলনত নামে। ২০০১ চনত অসমৰ হৈ খেলিবলৈ সুযোগ পোৱা খেলুৱৈ গৰাকীয়ে একেৰাহে সাত বাৰ মিড ফিল্ডাৰৰ ভূমিকা পালন কৰে। ২০০১ চনত পাঞ্জাৱত অনুষ্ঠিত ৩১ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত কুন্তীয়ে অসমৰ মহিলা দলক প্ৰতিনিধিত্ব কৰে।
পঞ্জাৱত অসুস্থ হৈ পৰাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিব পৰা নাছিল। যাৰ বাবে তেওঁৰ দশম মান শ্ৰেণীতেই শিক্ষা জীৱনৰ ইতি পৰে। খেলুৱৈগৰাকীয়ে ২০০২ চনত বিশাখাপট্টনমত ৩২ সংখ্যক, ২০০৩ চনত গুৱাহাটীত অনুষ্ঠিত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিছিল, ২০০৩ চনত মিজোৰামৰ আইজলত উত্তৰ-পূব ক্ৰীড়া সমাৰোহ, ২০০৪ চনত ভূপালত অনুষ্ঠিত দ্বাদশ ৰাষ্ট্ৰীয় মহিলা চেম্পিয়নশ্বিপ, ২০০৭ চনত ওড়িশাত অনুষ্ঠিত হোৱা চিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল।
ফুটবলকে প্ৰথম প্ৰেম বুলি ভবা এইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে এতিয়া জীৱিকাৰ বাবে ঘৰৰ সন্মুখতে ব্ৰয়লাৰ মাংস বিক্ৰী কৰিবলগীয়া হৈছে। চৰকাৰী চাকৰিটো দূৰৰ কথা খেলৰ ক্ষেত্ৰতো চৰকাৰৰ পৰা কোনো সঁহাৰি নাপালে। কলিয়াবৰৰ কোনো এজন জনপ্ৰতিনিধিয়ে আজিলৈকে কুন্তী দীগালক সহায়-সহযোগিতা আগবঢ়োৱা নাই।
উপায়ন্তৰ হৈ শাকমুঠিয়া চাহ-বাগিচাৰ ফেক্টৰীতে দৈনিক হাজিৰা হিচাপত কাম কৰাৰ লগতে আবেলি ঘৰৰ সন্মুখত ব্ৰয়লাৰ মাংস বিক্ৰী কৰিবলগীয়া হৈছে কুন্তী দীগালে। বর্তমানেও অনুশীলন অব্যাহত ৰখা কুন্তী দীগালে মাষ্টাৰ্ছ এথলেটিকছত কলিয়াবৰৰ হৈ খেল অব্যাহত ৰাখিছে যদিও আর্থিক অসুবিধাৰ বাবেই নিয়মিতভাৱে কৰিব পৰা নাই অনুশীলন।
ভৱিষ্যতে এটা ফুটবলৰ ক’চিং চেণ্টাৰ খোলাৰ ইচ্ছা প্রকাশ কৰা খেলুৱৈগৰাকীৰ আর্থিক অনাটনে এতিয়া বাধাৰ প্ৰাচীৰ হৈ ঠিয় দিছে। ৭ বাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত দুভৰিৰ যাদুৰে জিলিকি উঠা প্রতিভাৱান খেলুৱৈগৰাকীৰ এনে দুর্দশা দৃষ্টি আকর্ষণ হ’বনে ৰাজ্যৰ ক্রীড়া বিভাগৰ ? ৰাজ্য চৰকাৰৰ বিয়াগোম ক্রীড়া বিভাগৰ লগতে ক্রীড়া মন্ত্রী আৰু স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত অথবা কোনা ক্রীড়া সংগঠক-ক্রীড়া অনুষ্ঠানৰ সু-দৃষ্টি পৰিবনে খেলুৱৈগৰাকীৰ ওপৰত ? এই লৈ কলিয়াবৰৰ ক্ৰীড়াপ্রেমীৰ মাজত উদয় হৈছে প্রশ্নৰ।
Photo: Khatang Khobor
Discussion about this post