নগাঁৱত আৰক্ষীৰ সফল অভিযান। ৪৫ লক্ষাধিক টকা মূল্যৰ নিচাযুক্ত কেপচুল জব্দ কৰে। কোৰিয়াৰ ছাৰ্ভিছযোগে আহে মাৰাত্মক ড্ৰাগছ জাতীয় সামগ্ৰী। নগাঁও চহৰৰ ফৌজদাৰীপট্টিত নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে মঙলবাৰে দুপৰীয়া অভিযান চলাই বৃহৎ পৰিমাণৰ SAMPPLAX PLUS নামৰ নিষিদ্ধ নিচাযুক্ত কেপচুল জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে জব্দ কৰা কেপচুলখিনিৰ পৰিমাণ প্ৰায় ৩ লাখ। ইয়াৰ বজাৰ মূল্য ৪৫ লাখ টকা হ’ব বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই নিচাজাতীয় সামগ্ৰী কেপচুলখিনি ফৌজদাৰীপট্টিস্থ এ টি চি কোৰিয়াৰ ছাৰ্ভিছ নামৰ কোৰিয়াত নগাঁৱলৈ আহিছিল।
এই খবৰ গোপন সূত্ৰে লাভ কৰি আজি আৰক্ষীয়ে কোৰিয়াৰ চাৰ্ভিছটোত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত কেপচুল জব্দ কৰে। অভিযানৰ সময়ত আৰক্ষীয়ে কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও সমগ্ৰ বিষয়টোৰ ওপৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ্য এই কেপচুলখিনি হিমাচল প্ৰদেশৰ কালা আম্ব জিলাৰ অৰিচন ফাৰ্মা ইণ্টাৰনেচনেল নামৰ কোম্পানীটোৰ পৰা কোনো অসাধু লোকে কোৰিয়াৰযোগে ক্ৰয় কৰি আনিছিল। এই ব্যৱসায়ৰ লগত কোন কোন জড়িত সেয়া আৰক্ষীৰ সঠিক তদন্তত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post