দৰঙৰ (Darrang) দিপীলাৰ গভৰা দলংঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। বৰযাত্ৰীৰ লগত অহা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোত কইনাপক্ষৰ এজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয় (Died One) আৰু চাৰিজন গুৰুতৰভাৱে আহত (4 Injured) হয়।
মৃত লোকজনৰ নাম জয়নাথ শৰ্মা। লগতে আহতসকলৰ নাম হৈছে অঞ্জলি শৰ্মা (১৯), ৰূপজ্যোতি শৰ্মা (১৫), মিতালি শৰ্মা (২১) আৰু চালক দীপক শৰ্মা (৩০)। ওদালগুৰি জিলাৰ কচুবিল সোণাপানীত নিশা বিয়া সমাপ্ত কৰি দৰঙৰ বড়বৰীলৈ উভতি আহিছিল বৰযাত্ৰীৰ দলটো।
দৰা-কইনাৰ পাছে পাছে আহি থকা এ এছ১৫ জি-৪৫১৭ নম্বৰৰ হোণ্ডা Grand i10 গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দিপীলা বড়বৰী পথৰ গভৰা দলংঘাটত পুলত খুন্দা মাৰে। দুৰ্ঘটনাত বাহনখনত আছিল কইনাপক্ষৰ লোক। আহতসকলক ১০৮ সেৱাৰে উত্তৰ গুৱাহাটীৰ জিএনআৰচিত (Guwahati GNRC) ভৰ্তি কৰোৱা হয়।
ইফালে, গাড়ীখনৰ চালক দীপক শৰ্মাৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে তেওঁক জি এম চি এইছলৈ প্ৰেৰণ কৰে। নিহত জয়নাথৰ ঘৰ পাথৰিঘাটৰ বৰমপুৰত বুলি জানিব পৰা গৈছে।
Photo & Input: Khatang Khobor
Discussion about this post