Chicken Cooked in Cough Syrup: ক’ৰোনা ভাইৰাছে যোৱা দুবছৰ ধৰি সমগ্ৰ বিশ্বতে ধ্বংসযজ্ঞ চলাই আহিছে। বিশ্বজুৰি বিজ্ঞানী আৰু চিকিৎসকসকলে এতিয়াও ইয়াক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰি আছে। আনকি ক’ৰোনা ভেকছিনৰ দুয়োটা পালি লোৱাৰ পিছতো, লোকসকল এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈছে। ভেকচিন স্বত্বেও, ক’ৰোনাৰ তৃতীয় ঢৌ টোৱে সমগ্ৰ বিশ্বৰ মানুহৰ প্ৰাণ লৈয়ে আছে।
ক’ৰোনা ভাইৰাছৰ আৰম্ভণিৰ পৰা, মানুহে তেওঁলোকৰ ঘৰত বিভিন্ন প্ৰকাৰৰ প্ৰতিকা গ্ৰহণ কৰি আহিছে। ভাৰতত, মানুহে ইমিনিউটি বুষ্টাৰ আৰু Medicinal Decoction পান কৰি আছে, আনহাতে বিদেশৰ লোকসকলেও বিভিন্ন ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰি আছে। শেহতীয়াকৈ ছচিয়েল মিডিয়া ছাইট টিকটকত ক’ৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ অদ্ভুত প্ৰতিকাৰ ভাইৰেল হৈ আছিল। এতিয়া চিকিৎসকসকলে ইয়াক লৈ সতৰ্কবাণী দি আছে।
কফ চিৰাপত ৰান্ধিবলৈ ধৰিছে মুৰ্গী মাংস
‘দ্য মিৰ’ৰ’ৰ প্ৰতিবেদন অনুসৰি, শেহতীয়াকৈ টিকটকত (Tiktok) ভাইৰেল হোৱা ভিডিঅ’ত এইটো দাবী কৰা হৈছিল যে মুৰ্গী মাংস কফ চিৰাপত (Cough Syrup) ৰান্ধি খালে ক’ৰোনা ভাইৰাছৰ পৰা আৰোগ্য হৈ উঠে। ইয়াৰ বাহিৰেও, এইটো দাবী কৰা হৈছিল যে ইয়াৰ জৰিয়তে চৰ্দি আৰু কাহো নাইকিয়া হৈ যায়। ইয়াক লৈ চিকিৎসকসকলে এতিয়া সতৰ্কবাণী জাৰি কৰিছে। চিকিৎসকসকলে ইয়াক বিপদজনক বুলি বৰ্ণনা কৰিছে আৰু স্পষ্টকৈ কৈছে যে ইয়াক খোৱাৰ ফলত খাদ্যত বিষক্ৰিয়া (Food poisoning) হ’ব।
চিকিৎসকে কৰিলে সতৰ্ক
এজন চিকিৎসকে টিকটকৰ জৰিয়তেই এনে কৰা লোকসকলক সতৰ্কবাণী দিছে। ডাঃ হাৰ্টমেনে MIC.comক দিয়া এটা সাক্ষাৎকাৰত কৈছিল যে কফ চিৰাপত (Cough Syrup) মুৰ্গী মাংস (Chicken) ৰান্ধিলে মাংসত বহু পৰিমানৰ চিৰাপ থাকি যাব। ভালদৰে ৰন্ধা মুৰ্গী মাংস খালে আপুনি এইটো বুজিব যে আপুনি আধা বটল চিৰাপ খাই আছে। যিটো যথেষ্ট বিপদজনক। চিকিৎসকে কৈছিল যে ইয়াক খোৱাৰ পিছত চৰ্দি আৰু কাহটো নাযাব বৰঞ্চ আপোনাৰ পেট নিশ্চিতভাৱে বেয়া হ’ব।
উল্লেখ্য বছৰটোৰ আৰম্ভণিৰ পৰাই ছচিয়েল মিডিয়াত কফ চিৰাপৰ সৈতে মুৰ্গী মাংস ৰন্ধাৰ ট্ৰেণ্ডৰ ভিডিঅ’ (Trending Video) তীব্ৰভাৱে শ্বেয়াৰ কৰা হৈছে। তাত কফ চিৰাপ আৰু সুৰাৰ সৈতে মুৰ্গীৰ মাংস ৩০ মিনিটলৈ ৰন্ধা হৈছে। এইটো দাবী কৰা হৈছে এইটো খোৱাৰ পিছত ক’ৰোনা ভাইৰাছ ঠিক হৈ যাব। এইটো ৱেলনেছ হেকৰ নামত শ্বেয়াৰ কৰা হৈছে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/samujjal-kumar-bhattacharya-reaction-on-nagaon-encounter-case/6201/
Discussion about this post