পুনৰ অসম আৰক্ষীৰ (Assam Police) এনকাউণ্টাৰ (Encounter)। বোকাজানত আৰক্ষীৰ (Bokajan Police) এনকাউণ্টাৰ। ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে চলাই গুলী (Police Firing)। আৰক্ষীৰ গুলীত আহত আমিৰ হুছেইন (Injured Amir Hussein) নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো।
মণিপুৰৰ পৰা অহা এখন ট্ৰাকত তালাচী চলাই ১১৫টা চাবোনৰ বাকচত উদ্ধাৰ কৰিছিল ১.৬ কিলোগ্ৰাম ওজনৰ ড্ৰাগছ । প্রায় ২০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল খটখটী আৰক্ষীয়ে (Khatkhati Police)।
ড্ৰাগছখিনিৰ (Drugs Recover) সৈতে দুটাকৈ সৰবৰাহকাৰী আমিৰ হুছেইন আৰু চালাও ৰহমানক আটক কৰিছিল আৰক্ষীয়ে। ড্ৰাগছ খিনি বোকাজান আৰক্ষীৰ তালাচী চকী সমূহ পাৰ কৰি দিয়াৰ পাছত বোকাজানৰ এক গোপন স্থানত ডেলিভাৰী দিয়াৰ কথা আছিল ।
আৰক্ষীৰ সোধা-পোছাত সেই কথা স্বীকাৰ কৰিছিল দুই সৰবৰাহকাৰীয়ে । পিছে আৰক্ষীক সেই স্থান দেখুৱাবলৈ নিওতেই পলায়নৰ চেষ্টা কৰে এজনে। সৰবৰাহকাৰী আমিৰ হুছেইনে নিজৰ কিছু শাৰীৰিক অসুবিধাৰ তথা বমি অহাৰ কথা কৈ বাহনৰ পৰা নামিবলৈ বিচাৰিছিল, আৰক্ষীয়েও আমিৰক কিছু সহজ হোৱাৰ বাবে নমাই দিয়াৰ লগে লগেই আৰক্ষীক গতিয়াই পলাবলৈ চেষ্টা কৰিছিল। কিন্তু আৰক্ষীয়ে আমিৰলৈ বুলি লক্ষ্য কৰি ২ জাঁই গুলী কৰে তাৰে এটা গুলী ভৰিত লাগি আহত হয় আমিৰ।
Photo & Input: Khatang Khobor
Discussion about this post