এক জঘন্য ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত বৃহত্তম জৰুৱা বন্দিহানাৰ পদ্মেৰ আলগা গাঁও পঞ্চায়তত।
১৫ বছৰীয়া স্কুলীয়া কিশোৰীক প্ৰেমৰ প্ৰলোভন দেখুৱাই লম্পট ছাইজুদ্দিনে বলপূৰ্বকভাৱে কৰিলে বলাৎকাৰ।
লম্পট ছাইজুদ্দিনে, বহুদিন ধৰি ছকিনা খাতুন নামৰ কিশোৰীগৰাকীক বিবাহ কৰাৰ প্ৰলোভন দেখুৱাই প্ৰেমৰ জালত ফচোৱাই এন্ধাৰৰ সুযোগ লৈ কিশোৰীগৰাকীক বলাৎকাৰ কৰে বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে।
ঘটনাটো সংঘটিত হৈছিল ১৫ জুনতে। নিশা প্ৰায় ১০ বজাত ছকিনা খাতুনে শৌচালয় লৈ গৈ আছিল। ইফালে লম্পট ছাইজুদ্দিনে সুযোগ বুজি কিশোৰীগৰাকীক বলপূৰ্বকভাৱে বলাৎকাৰ কৰে বুলি অভিযোগ উত্থাপন কৰে পিতৃ-মাতৃয়ে।
ঘটনাটোৰ পিছত ভুক্তভোগী ছাকিনাৰ পিতৃ ছুৰুত জামানে স্থানীয় দুজন লোকক জনায় কিন্তু ভুক্তভোগী পৰিয়ালৰ লোকক আৰক্ষীৰ ওচৰলৈ যোৱাত বাধা প্ৰদান কৰি একাংশক মেনেজ কৰি ঘটনা গাপ দিবলৈ চেষ্টা অব্যাহত ৰখোৱাৰ অভিযোগ উত্থাপন।
খবৰ পাই স্থানীয় সাংবাদিকৰ এটা দল প্ৰৱেশ কৰাত একাংশ দেউয়ানী বাধা প্ৰদান কৰিছিল, এতিয়া কথা হৈছে এনেধৰণৰ ঘটনা আজি নতুন কথা নহয়। প্ৰশ্ন হয় চৰ চাপৰিত এনে ধৰণৰ ঘটনাবিলাক কিয় প্ৰকাশ কৰা নহয় ইয়াৰ আঁৰত কি জড়িত হৈ আছে।
গাঁওৰ কেইজনমান দেউয়ানী আৰু মাতাব্বাৰৰ বিচাৰৰ ওপেক্ষা থকাৰ পিছত উপায় বিহীন হৈ ভুক্তভোগী ছুৰুতজামালে বন্দিহানা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।
Photo & Input: সামিম জাকাৰিয়া
Discussion about this post