মধ্য প্ৰদেশ (Madhya Pradesh) আৰক্ষীয়ে (Police) দীঘল চুলি (Long Hair) আৰু দীঘল গোঁফ (Long Mustache) ৰখাৰ বাবে এগৰাকী আৰক্ষী কনিষ্টবলক নিলম্বন কৰিছে (Police Constable Suspended)। মধ্য প্ৰদেশৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক প্ৰশান্ত শৰ্মাই শুকুৰবাৰে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰে, যিটো দেওবাৰে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। শৰ্মা মধ্য প্ৰদেশ সমবায় প্ৰৱঞ্চনা আৰু ৰাজহুৱা সেৱা গেৰাণ্টিৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক আৰু তাত আৰক্ষী মুখ্য কাৰ্যালয়ত কৰ্মৰত।
কনিষ্টবল ৰাকেশ ৰাণা নিলম্বিত
শৰ্মাই দেওবাৰে পিটিআইৰ সৈতে হোৱা সাক্ষাতকাৰত এই নিলম্বনৰ কথা নিশ্চিত কৰিছিল। তেওঁ কয় যে নিলম্বিত কনিষ্টবল ৰাকেশ ৰাণা (Rakesh Rana) ভূপালত (Bhupal) আৰক্ষীৰ মটৰ পৰিবহন পুলত (এমটি পুল)ত নিযুক্ত আৰু সমবায় জালিয়াতি আৰু ৰাজহুৱা সেৱা গেৰাণ্টিৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ চালক হিচাপে কাম কৰি আছিল।
চেহেৰাৰ অৱস্থা অত্যন্ত বেয়া দেখাইছে
শৰ্মাই কৈছিল যে, তেওঁৰ চেহেৰা অত্যন্ত বেয়া দেখাত লাগিছিল। তেওঁৰ চেহেৰা ঠিক কৰিবলৈ তেওঁক চুলি আৰু গোঁফ সঠিকভাৱে কটোৱালৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু, তেওঁ এই আদেশ পালন কৰা নাছিল তাৰ বিপৰীতে তেওঁ চুলি আৰু গোঁফ (Long Mustache) সেইদৰে ৰখাৰ কথাত স্থিৰ আছিল। তেওঁ কৈছিল যে এই পোছাক নিয়মৰ অনুশাসনহীনতাৰ শ্ৰেণীত আহে অথবা এই আইনে আন কৰ্মচাৰীসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। শৰ্মাই কয় যে, সেয়েহে ৰাণাক ৭ জানুৱাৰীত তাৎক্ষণিকভাৱে নিলম্বিত কৰা হৈছে।
গোঁফত জোৱানসকলক বহুত ভাল আৰু স্মাৰ্ট দেখায়
ইফালে, ৰাণাই এটা টিভি চেনেলক কয় যে, পূৰ্বেও কেইবাগৰাকীও আৰক্ষী বিষয়া তথা আৰক্ষী জোৱানে গোঁফ ৰাখিছে আৰু দেখিবলৈ তেওঁলোকক ভাল আৰু স্মাৰ্ট লাগে। মই ইউনিফৰ্মতো থাকো আৰু যোৱা এবছৰ ধৰি ডিউটী কৰি আছোঁ, কিন্তু তেতিয়া কোনেও কোনো প্ৰশ্ন উত্থাপন কৰা নাছিল। তেওঁ লগতে কয়, মই নিলম্বনৰ সন্মুখীন হ’ব পাৰোঁ, কিন্তু গোঁফ কাটিব নোৱাৰো, কিয়নো ই মোৰ আত্মসন্মান আৰু স্বাভিমানৰ সৈতেও জড়িত হৈ আছে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/manas-robin-farm-pumpkin-selling-at-uruka-market-in-sivasagar/6065/
Discussion about this post