Benefits of milk and Dry Dates: যদি আপুনি কাম কৰি থকাৰ সময়ত সোনকালে ভাগৰি পৰে বা কাম কৰিবলৈ এলাহ লাগে তেনেহ’লে সাৱধান হওক, কিয়নো এই সকলোবোৰ লক্ষণ দুৰ্বলতাৰ ফলত দেখা দিয়ে। যেতিয়া শৰীৰৰ ষ্টেমিনা হ্ৰাস হয় তেতিয়া শক্তিৰ স্তৰ (Energy Level) হ্ৰাস হ’বলৈ আৰম্ভ কৰে। ফলত মূৰৰ বিষৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সমস্যা হ’বলৈ আৰম্ভ হয়। যদি আপুনি এনে কোনো সমস্যাত ভুগি আছে তেন্তে গাখীৰৰ সৈতে খেজুৰ খাবলৈ আৰম্ভ কৰক।
স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে গাখীৰ আৰু খেজুৰে পুৰুষৰ শাৰীৰিক দুৰ্বলতা আঁতৰ কৰিব পাৰে। শাৰীৰিক দুৰ্বলতাৰ ফলত যৌন শক্তি (Sexual Power) হ্ৰাস হয়। এনে পৰিস্থিতিত, গাখীৰ আৰু খেজুৰ খোৱাটো যথেষ্ট লাভজনক হ’ব পাৰে।
গাখীৰ আৰু খেজুৰত পোৱা উপাদানসমূহ
খেজুৰত যথেষ্ট পৰিমানৰ কেলচিয়াম, ফাইবাৰ, জিংক, মেগনেছিয়াম আৰু আইৰন থাকে। ইয়াৰোপৰি তাত ভিটামিন A, C, E, K, B2, B6, নিয়াচিন আৰু থিয়ামিনকে ধৰি কেইবাটাও ভিটামিন থাকে, যিয়ে পুৰুষৰ ষ্টেমিনা বৃদ্ধি কৰাত সহায় কৰে, আনহাতে গাখীৰত থকা কেলচিয়াম, ছডিয়াম, পটাছিয়ামে শৰীৰত এনাৰ্জী অব্যাহত ৰাখে।
পুৰুষৰ বাবে কেনেকৈ লাভজনক গাখীৰ আৰু খেজুৰ
দেশৰ বিখ্যাত আয়ুৰ্বেদ চিকিৎসক আব্ৰাৰ মুলতানিৰ মতে, শাৰীৰিক দুৰ্বলতা আৰু যৌন স্বাস্থ্যৰ সমস্যাত ভুগি থকা পুৰুষসকলৰ বাবে গাখীৰ আৰু খেজুৰ সেৱন কাৰ্যকৰী হ’ব পাৰে। এই দুয়োটা বস্তুৰ নিয়মীয়া ব্যৱহাৰে পৌৰুষ শক্তি বৃদ্ধি কৰে। খেজুৰত টেষ্টোষ্টেৰন হৰমন (Testosterone Hormone) বৃদ্ধি কৰাৰ গুণ যথেষ্ট থাকে। যিয়ে পুৰুষৰ স্বাস্থ্য প্ৰভাৱিত কৰে, আনহাতে শক্তি বৃদ্ধি কৰিবলৈ গাখীৰ ব্যৱহাৰ কৰা হয়।
গাখীৰ আৰু খেজুৰ সেৱনৰ অন্যান্য লাভালাভ (Other benefits of consuming milk and dates)
ষ্টেমিনা বৃদ্ধি কৰাত সহায়ক
ৰক্তহীনতা প্ৰতিৰোধ কৰাত সহায়ক
হাপানীৰ ৰোগীৰ বাবে উপকাৰী
লগতে ওজন বৃদ্ধিত সহায়ক
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক
এনেদৰে কৰক সেৱন
খেজুৰ আপুনি গাখীৰৰ সৈতে খাব পাৰে। ইয়াৰ বাবে আপুনি হয়টো খেজুৰ গাখীৰৰ সৈতে উতলাব পাৰে বা খেজুৰ ফুলাই ৰাখি কিছু ঘণ্টাৰ পিছত খাব পাৰে।
Photo: Google
Discussion about this post