অসম সচিবালয়ৰ (Assam Secretariat) ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ (Department of Welfare of Plain Tribes and Backward classes) মহিলা কৰ্মচাৰীক (Women Worker) হাতে-লোটে গ্ৰেপ্তাৰ। ৪০০০ টকা ঘোচ লৈ গ্ৰেপ্তাৰ (Arrest) হৈছে সীমা দেৱী (Seema Devi) নামৰ কৰ্মচাৰীগৰাকী। The Directorate of Vigilance and Anti Corruption Cell-এ গ্ৰেপ্তাৰ কৰে সীমা দেৱীক। অসম সচিবালয়ত উৎকোচ (Accepting Bribe) গ্ৰহণ কৰোঁতে ৰঙাহাতে ধৰা পৰে মহিলা বিষয়াগৰাকী।
বৰমা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সংস্কৃত বিভাগৰ শিক্ষয়িত্ৰী মৌচুমী হুজুৰীৰ দৰমহাৰ ফাইলৰ বাবদ ১০ হাজাৰ টকা উৎকোচ (Bribe Demand) বিচাৰিছিল সীমা দেৱীয়ে। ১০ হাজাৰ টকাৰ সলনি ৪ হাজাৰ টকাত মান্তি হৈছিল ফাইলৰ কামৰ বাবদ। ঘোচৰ ধন ল’ব উলাওতেই ধৰা পৰে সচিবালয়ৰ মহিলা কৰ্মচাৰীগৰাকী।
Photo & Input: Khatang Khobor
Discussion about this post