প্ৰেমৰ বাবেই আত্মহত্যা (Suicide) কৰিলে প্ৰেমিক-প্ৰেমিকাই (Lovers)। মানকাচৰত (Mankachar) সংঘটিত হৈছে এই কৰুণ ঘটনা (Tragic Incident)। বিহ পান (Poison) কৰি অকাল মৃত্যুক সাৱটি ল’লে আশ্ৰাফুল ইছলাম আৰু ৰুমি খাতুনে।
মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুটামাৰী গাঁওৰ মহাজ্জল হকৰ পুত্ৰ আশ্ৰাফুল ইছলাম (১৭) আৰু একে গাঁৱৰে ৰফিকুল ইছলামৰ কন্য়া ৰুমি খাতুনৰ (১৫) লগত দীৰ্ঘ দিনৰ পৰাই আছিল প্ৰেমৰ সম্পৰ্ক।
পৰিয়ালৰ লোকক একো নজনোৱাকৈ দেওবাৰে নিশা দুয়োজনেই বিহ পান কৰি আত্মহত্যা (Suicide) কৰে। দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। বৰ্তমানো জানিব পৰা হোৱা নাই আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱাৰ কাৰণ।
Photo & Input: সামিম জাকাৰিয়া
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/sexual-health-5-foods-married-couples-should-avoid-eating/5773/
Discussion about this post